নগাঁও, ২৪ এপ্ৰিল: ৰাজ্য়ৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো কংগ্ৰেছ দলে গ্ৰহণ কৰে জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী (Jai Bharat Satyagraha at Nagaon)। নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত জয় ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰে বিৰোধী কংগ্ৰেছে । এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Congress protest in Nagaon)।
ইপিনে, শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কটাক্ষ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "দেশত কংগ্ৰেছ থাকিলেহে সাংবাদিকতা জীৱিত থাকিব, কংগ্ৰেছ থাকিলেহে ন্যায়পালিকাই নিৰপেক্ষ ৰায়দান কৰিব পাৰিব । সকলো শ্ৰেণীৰ লোক সুৰক্ষিত হৈ থাকিব ।" বৰ্তমানৰ বিজেপি চৰকাৰে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলোৱা বুলি উল্লেখ কৰি গণতন্ত্ৰৰ ওপৰত চলোৱা আক্ৰমণ বিপজ্জনক বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।
ইপিনে, যুৱ নেত্ৰী অংকিতা দত্তৰ বহিষ্কাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্য কৰি কয় যে, কংগ্ৰেছ এৰি যোৱা নেতাৰ স্থান পূৰাবলৈ এতিয়া বহু নেতাই আগবাঢ়ি আহিছে (MP Gaurav Gogoi react on Angkita Dutta)।
নগাঁৱত কংগ্ৰেছৰ সত্যাগ্ৰহত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে । বিৰোধী নেতাৰ কণ্ঠ ৰোধ কৰিবলৈ বিৰোধীৰ ওপৰত অত্যাচাৰ চলোৱা বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যদি শক্তি আছে তেন্তে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰি দেখুৱাওক ।’’ মূল্য হ্ৰাস কৰি ৰাইজক সকাহ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰকিবুল হুছেইনৰ । উক্ত কাৰ্যসূচীত সাংসদদ্বয় গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাসহ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে ।
লগতে পঢ়ক:Bhupen Borah slams PM: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাজহুৱা ধন অপচয়ৰ অভিযোগ ভূপেন বৰাৰ