নগাঁও,২৪জুন: জলসিঞ্চন বিভাগৰ নগাঁৱৰ কলং আৰু কলিয়াবৰ সংমণ্ডলত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। জলসিঞ্চন বিভাগৰ কলিয়াবৰ আৰু কলং সংযোজিত সংমণ্ডলৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ পৰা বিল প্ৰস্তুতৰ নামত ব্যাপক হাৰত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিভাগটোৰ উৰ্ধতন কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত ।
বুধবাৰে বিভাগটোৰ উচ্চপদস্থ দুজনীয়া বিষয়াৰ এটা দল নগাঁৱত উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান । নিৰপেক্ষ তদন্ত হলে দুর্নীতিত লিপ্ত বিষয়া জালত পৰাৰো সম্ভাৱনা আছে । তদন্ত কোন দিশত গতি কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় ।