ETV Bharat / state

ৰূপহীহাট কাণ্ডৰ তদন্তত নামিল খোদ এছ পি আনন্দ মিশ্ৰ

author img

By

Published : Jun 10, 2021, 9:41 PM IST

নিশাপৰ্যন্ত উত্তাল ৰূপহী । যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আৰম্ভ কৰিছে তদন্ত । পাঁচজনকৈ লোকক আটক । ক্ৰিকেট খেলি থকাৰ সময়তে আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুৰ অভিযোগ । ক্ৰিকেটৰ নামত জুৱা চলাৰ অভিযোগ আৰক্ষীৰ । প্ৰকৃততে কি হৈছিল ৰূপহীহাটত ? আমাৰ এক প্ৰতিবেদন ৷

what exactly happened in rupahihat case
প্ৰকৃততে কি হৈছিল ৰূপহীহাটত ?

ৰূপহীহাট,10 জুন : এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই বুধবাৰে নিশা পৰ্যন্ত উত্তাল হৈ পৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাই আৰক্ষী থানাত উপস্থিত হোৱা এইজনেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সময়তে বুধবাৰে বিয়লি ৰূপহীহাটৰ গেৰেকীত যুৱকৰ এটা দলে অনুষ্ঠিত কৰিছিল ক্ৰিকেট খেল । যুৱকৰ দলটোৱে ক্ৰিকেট খেলি থকাৰ সময়তে উপস্থিত হোৱা ৰূপহীহাট আৰক্ষীৰ এটা দলে যুৱকৰ দলটোক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

সেই সময়তে আৰক্ষীৰ ভয়ত ওচৰৰে এটা বিলত জাঁপ দিয়া যুৱকৰ দলটোৰ চোহাইব আখতাৰ নামৰ যুৱকজন মৃত অৱস্থাত উদ্ধাৰ হয় বিলৰ পৰা । আৰক্ষীৰ প্ৰহাৰতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি সন্ধিয়া ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হৈ শতাধিক লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । পৰিয়ালৰ লোকেও আৰক্ষী থানাৰ সন্মুখত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তেই হঠাৎ অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলী চলাবলগীয়া হয় আৰক্ষীয়ে ।

ৰূপহীহাটত প্ৰকৃততে কি ঘটিছিল বৃহস্পতিবাৰে ?

ইয়াৰ মাজতে একাংশ লোকে আৰক্ষীক লক্ষ্য কৰি নিক্ষেপ কৰে শিলগুটি । ভাঙি লণ্ডভণ্ড কৰে আৰক্ষীৰ তিনিখনকৈ বাহন । শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হয় এগৰাকী আৰক্ষীৰ লোকও । নিশা পৰ্যন্ত উত্তপ্ত হৈ থকা ৰূপহীহাট আৰক্ষী থানাত নিশাই উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ ভৰিত পৰে যুৱকজনৰ পৰিয়ালৰ এইগৰাকী মহিলা । ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ইয়াৰ বিপৰীতে আইন হাতত লৈ আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । আৰক্ষী থানাত শিলগুটি নিক্ষেপ কৰা ঘটনাত জড়িত কোনো এজন লোকক ৰেহাই নিদিয়াৰ হুংকাৰ দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ বৃহস্পতিবাৰে নিজেই ৰূপহীহাটত উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । ক্ষেত্ৰভিত্তিত তদন্তৰ সময়ত প্ৰত্যক্ষদৰ্শী স্থানীয় লোকৰ ভাষ্য গ্ৰহণ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে । ক্ষেত্ৰভিত্তিত তদন্ত কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মন্তব্য, এই স্থানত এটা চক্ৰই দীৰ্ঘদিনৰ পৰা ক্ৰিকেটৰ নামত চলাই আহিছে বৃহৎ জুৱা । ক্ৰিকেটৰ নামত চলা জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বিলত জাপ দিয়া চোহাইব আখতাৰ নামৰ যুৱকজনৰ মৃত্যু হয় । ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে চাৰিজনকৈ লোকক আটক কৰাৰ লগতে ক্ৰিকেট খেল অনুষ্ঠিত কৰা মাটিৰ মালিককো আটক কৰে আৰক্ষীয়ে । সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ।

সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি ৰূপহীহাটত আজিও অব্যাহত আছে চেপা উত্তেজনা । ইয়াৰ মাজতে যুৱকজনৰ মৃত্যুৰ লগতে আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰো নিৰপেক্ষ তদন্ত বিচাৰিছে একাংশ সচেতন লোকে ।

লগতে পঢ়কঃ মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.