ETV Bharat / state

ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন - আন্তৰ্জাতিক নাৰী দিৱস

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ধিং মহাবিদ্যালয়ত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন । ইউছুফ মেম'ৰিয়েল ছ'চাইটিৰ উদ্যোগত মানসিক স্বাস্থ্য আৰু নাৰী স্বাস্থ্য বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

author img

By

Published : Mar 8, 2021, 5:21 PM IST

ধিং, ৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । প্ৰতিগৰাকী নাৰীৰ প্ৰতি সন্মান জনাই সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস । অসমতো ভিন্ন প্ৰান্তত নাৰী দিৱস উপলক্ষে কেতবোৰ অনুষ্ঠান আয়োজন কৰা হৈছে । নগাঁৱৰ ধিং মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মানসিক স্বাস্থ্য আৰু নাৰী স্বাস্থ্য বিষয়ক এখন সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে ।

ইউছুফ মেম'ৰিয়েল ছ'চাইটিৰ উদ্যোগত আৰু ডিউ কেয়াৰ হাস্পতাল আৰু ধিং মহাবিদ্যালয়ৰ ৱ'মেন ফ'ৰামৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত এই সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান হাজৰিকাৰ অধ্যক্ষতাত এই সভাত নাৰীৰ স্বাস্থ্য সম্বন্ধে বহুমূলীয়া বক্তব্য প্ৰদান কৰে বহু কেইগৰাকী বিশেষজ্ঞ চিকিৎসকে ।

লগতে প্ৰতিগৰাকী নাৰীকে নিজৰ স্বাস্থ্যক লৈ সজাগ হ'বলৈ আহ্বান জনায় বিশেষজ্ঞ চিকিৎসকসকলে । কিয়নো, সু-স্বাস্থ্যই সুস্থ চিন্তা কৰাত সহায় কৰে ।

লগতে পঢ়ক:মৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.