বঢ়মপুৰ,১৯ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীস্থিত চিআৰপিএফ ৩৪ নং বেটেলিয়নৰ চিবিক একশ্যন প্ৰ'গ্ৰেম ২০২১-২২ৰ অধীনত (Civic action program of CRPF) ছটাকৈ স্থানত ৰাইজৰ খোৱাপানী সমস্যা সমাধানৰ বাবে টিউবেল বিতৰণ কৰা হয় । বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল অঞ্চলটোৰ ৰাইজে । আনকি বিশুদ্ধ পানীৰ সন্ধানত এক-ডেৰ কিলোমিটাৰ দূৰলৈ যাবলগীয়া হৈছিল অঞ্চলটোৰ ৰাইজ ।
চৰকাৰ তথা প্ৰশাসনক লোকসকলে দাবী জনাই আহিছিল যদিও ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল বিভাগীয় কতৃপক্ষই । অৱশেষত চিআৰপিএফ বাহিনীয়ে ৬ টাকৈ টিউবেলৰ ব্যৱস্থা কৰিলে অঞ্চলটোত (Installation of tubels at Nagaon in CRPF initiative)। চিআৰপিএফ বাহিনীৰ এই পদক্ষেপৰ পাছতে আনন্দিত অঞ্চলটোৰ ৰাইজ ।
উল্লেখ্য যে টিউবেলৰ শুভ উদ্বোধনৰ সভাত উপস্থিত থাকে চিআৰপিএফ বাহিনীৰ কামাণ্ডেণ্ট এছ এইছ শিৱ শংকৰ উপাধ্যায়, ডেপুটি কামাণ্ডেণ্ট এছ এইছ সত্যবীৰসহ কেইবাগৰাকী বিষয়া । অনুষ্ঠানত কঠিয়াতলী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেম চন্দ্ৰ মহন্ত উপস্থিত থাকে ।
লগতে পঢ়ক:সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি