ETV Bharat / state

বঢ়মপুৰত হস্তী-মানৱৰ সংঘাত ৰোধৰ ব্যতিক্ৰমী প্ৰচেষ্টা

author img

By

Published : Jul 5, 2021, 6:07 PM IST

ৰাজ্যৰ বহু কেইখন জিলাৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ ত্ৰাস কোনো নতুন কথা নহয় ৷ বন্যহস্তীৰ ত্ৰাসৰ বাবে ৰাজ্যৰ বহু অঞ্চলত বছৰি খেতি-পথাৰৰ বীজ তথা সা-সম্পত্তি হেৰুৱাই দিশহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ কিন্তু ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰিত সঘনাই দেখা দিয়া বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এটা প্ৰকৃতিপ্ৰেমী সংস্থাই ৷ যাৰ বাবে অঞ্চলটোত দেখা গৈছে এক শান্তিপূৰ্ণ পৰিৱেশ ৷

Innovative efforts to prevent elephant-human conflict in Barhampur
বঢ়মপুৰত হস্তী-মানৱৰ সংঘাত ৰোধৰ ব্যতিক্ৰমী প্ৰচেষ্টা

চামগুৰি, 5 জুলাই: নগাঁও জিলাৰ চামগুৰিত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে বঢ়মপুৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত দেখা পোৱা গৈছে ইয়াৰ এক বিপৰীত ছবি ৷ "হাতীবন্ধু" নামৰ এটা প্ৰকৃতিপ্ৰেমী সংস্থাৰ বিশেষ পৰিকল্পনাৰ বাবে উক্ত অঞ্চটোত হাতী-মানুহৰ সংঘাত বৰ্তমান শূ্ণ্য হৈ পৰিছে ৷ যাৰ বাবে "হাতীবন্ধু" নামৰ সংস্থাটোৰ বিষয়ববীয়া সকলক ধন্যবাদ জনাইছে অঞ্চলটোৰ ৰাইজে ৷ কিন্তু প্ৰকৃততে কি কৰিছে "হাতীবন্ধু" নামৰ এটা সংস্থাটোৱে ?

উল্লেখ্য যে,বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱৰ কাষতে লাগি থকা হস্তীদণ্ডী তথা পাহাৰত "হাতীবন্ধু" নামৰ এটা সংস্থাই বনৰীয়া হাতীক খাদ্য যোগান ধৰিব পৰাকৈ বিশেষ প্ৰজাতিৰ কিছুমান উদ্ভিদ ৰোপন কৰি খেতি আৰম্ভ কৰিছে ৷ প্ৰায় চাৰিশ বিঘা পাহাৰীয়া মাটিত হাতীয়ে খাবৰ বাবে ৰোপন কৰিছে নেফিয়াৰ ঘাহঁ,ঝাৰু, ঝাওবন,ঔটেঙা, কুম্ভীৰ, ডিমৰু ইত্যাদি বিভিন্ন প্ৰজাতিৰ গছ-লতিকা ৷ স্থানীয় গঞা ৰাইজৰ সহযোগত "হাতীবন্ধু"ৱে হাতত লোৱা এই সামগ্ৰিক পৰিকল্পনাৰ নেতৃত্ব বহন কৰি আহিছে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই ৷

দুলু-মেঘনাহঁতৰ অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰৰ পৰিণতিত বিগত দুটা বছৰ ধৰি ভৈয়ামৰ কৃষক ৰাইজে কঠিয়া পেলোৱাৰ সময়ত কোনো ধৰণৰ উুপদ্ৰৱ চলোৱা নাই বনৰীয়া হাতীৰ জাকে ৷ গঞা ৰাইজৰ পথাৰলৈ নামি নগৈ, দুলু-মেঘনাহঁতৰ খেতি ডৰাতে উদৰ পুৰাই খাবলৈ পাই অৱস্থান কৰিছিল হাতীৰ জাকে ৷ এই বছৰো সৃষ্টি হৈছে অনুৰূপ পৰিৱেশ ৷

বিগত প্ৰায় দুটা সপ্তাহে বনৰীয়া হাতীৰ প্ৰায় 28 জনীয়া এটা জাকে ভৈয়ামৰ পথাৰলৈ নগৈ দুলু-মেঘনাহঁতৰ 400 বিঘাৰ বিস্তৃত ঘাহঁনি ডৰাতে হাতীৰ বাবে ৰোপন কৰা গছ-লতিকা খাদ্য হিচাপে গ্ৰহণ কৰিছে ৷ যাৰ বাবে ভৈয়ামৰ কৃষকৰ পথাৰত তথা হাতীখলি ৰংহাঙৰ ওচৰে-পাজৰে থকা গাঁও সমূহত ক্ৰমশঃ বনৰীয়া হাতীৰ উপদ্ৰৱ কমি অহাত এতিয়া অতিশয় উৎফুল্লিত দুলু-মেঘনাৰ লগতে স্থানীয় গঞা ৰাইজ ৷ বনৰীয়া হাতীৰ উপদ্ৰৱ কমি অহাত এতিয়া অতিশয় উৎফুল্লিত হৈ পৰিছে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীয়ে উপদ্ৰৱ চলোৱা বিভিন্ন অঞ্চলৰ গঞা ৰাইজ ৷

লগতে পঢ়কঃ টিংখাঙৰ নয়নমণিয়ে মাহিলী কেনেকৈ পায় অৰ্ধ লক্ষাধিক টকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.