কলিয়াবৰ,2 ছেপ্তেম্বৰ: কলিয়াবৰৰ এটা পথৰ বাবেই এতিয়া বিপদত পৰিছে ত্ৰিশজনকৈ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ লগতে সমস্যাত তিনিশটাকৈ শ্ৰমিক পৰিয়াল ৷ পথটো দেখিলে আপোনাৰো মনত প্ৰশ্ন হ'ব, এইয়া আচলতে পথ নে ভূঁই ৰুবলৈ সাজু কৰা শাওনৰ পথাৰ ? পথছোৱাৰ দুৰৱস্থাৰ বাবেই ক্ষুদ্ৰ চাহ বাগিছা সমূহত কাম কৰা শ্ৰমিকসকলে এজাক বৰষুণে দিলেই কামলৈ আহিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উপায়ন্তৰ হৈ বিধস্ত পথছোৱা শীঘ্ৰে যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ভুক্তভোগী সকলে ৷
উল্লেখযোগ্য যে,কলিয়াবৰৰ হাটবৰৰ পৰা নগাঁও-কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পাহাৰৰ বুকুলৈ নিৰ্মিত পথছোৱাৰ একাংশ সম্পূৰ্ণ হ'ল যদিও কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাৰ অন্তৰ্গত বাৰ নম্বৰৰ ৰবৰবাৰীৰ পৰা বালক পাহাৰ পৰ্যন্ত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল ৷ যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ তদুপৰি নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পথেদি কোনো দুষ্ট চক্ৰই বিভাগীয় অনুমতি নোহোৱাকৈ অবৈধভাবে দৈনিক প্ৰায় চল্লিছৰ পৰা পঞ্চাছখনকৈ ট্ৰেক্টৰৰে বালি সৰবৰাহ কৰিছে ৷
যাৰ ফলত ভৰ বাৰিষাৰ সময়ত এই পথছোৱাই শাওনৰ পথাৰৰ দৰে ৰূপ লৈছে ৷ খোজ কাঢ়িও পাৰ হ'ব নোৱাৰাকৈ বিধ্বস্ত ৰূপ লৈছে পথটোৱে ৷
আনহাতে বন বিভাগৰ চকুৰ সন্মুখতে এনেদৰে অবৈধ ভাৱে বালি সংগ্ৰহ হৈ থকাৰ পিছতো সমগ্ৰ বিষয়টোত বিভাগটোৱে নিৰৱ ভূমিকা পালন কৰাৰ গুৰুত্বৰ অভিযোগ তুলি বিষয়টোৰ এক তদন্তৰ দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ৷ বিধস্ত পথছোৱাৰ মাজেৰে শীঘ্ৰে ট্ৰেক্টৰ চলাচল বন্ধ কৰি পথছোৱা যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী তুলিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷
লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক