ETV Bharat / state

বিধানসভাৰ অধিবেশনৰ প্রথম দিনটোতে প্ৰতিবাদত নামিব এটা সংগঠন - কৃষক অধিকাৰ সংগ্ৰাম সমিতি

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কিছু মন্তব্য তথা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে মাইক্ৰ'ফাইনেঞ্চ(Micro Finance) শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চ ৷ 12 জুলাই তাৰিখে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মঞ্চই ৷

important-decisions-by-joint-struggle-forum-against-microfinance-exploitation
মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
author img

By

Published : Jul 8, 2021, 9:54 PM IST

চামগুৰি,8 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঋণগ্ৰস্ত মহিলা সকলৰ মাজত বিভাজন সৃষ্টি কৰা আৰু গৰিষ্ঠ সংখ্যক শ্ৰমজীৱী দুখীয়া মহিলাৰ একাউণ্ট এন পি এ (NPA) হ'ব বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে মাইক্ৰ'ফাইনেঞ্চ(Micro Finance) শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই ৷ যোৱা 3 জুলাই তাৰিখে অনুষ্ঠিত হোৱা মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অনলাইন আলোচনাত এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঞ্চই ৷ সভাত অংশগ্ৰহণ কৰি জীপাল কৃষক শ্ৰমিক সংঘ,সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি,কৃষক অধিকাৰ সংগ্ৰাম সমিতি,নাহৰকটিয়াৰ অসম খিলঞ্জীয়া গণ মঞ্চ,কৃষক মহাসভা আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই মুখ্যমন্ত্ৰীলৈ এখন উমৈহতীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ হাতত অৰ্পন কৰা হয় এই স্মাৰক পত্ৰ ৷

মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

উল্লেখ্য যে, ঋণমুক্তি প্ৰসংগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ন কৰাৰ অৰ্থে আগন্তুক বিধানসভা অধিবেশনত ঋণ মাফৰ বিষয়টো এক গুৰুত্বপূৰ্ণভাবে আলোচনা কৰাৰ দাবীত গণস্বাক্ষৰ সংগ্ৰহ কৰিছে ৷ লগতে বিৰোধী দলৰ বিধায়কক স্মাৰক পত্ৰ প্ৰদান কৰি 12 জুলাই তাৰিখে বিধানসভাৰ অধিবেশনৰ প্রথম দিনটোতে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সিদ্ধান্ত অনুসৰি বৃহস্পতিবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ সহযোগত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক দুই সহস্ৰাধিক স্বাক্ষৰ সম্বলিত গণ স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃউত্তৰ-পূৱক মাহী আই দৃষ্টিৰে চোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.