ETV Bharat / state

Illegal weapon seized: অবৈধ মাৰণাস্ত্ৰসহ এজনক আটক ধিং আৰক্ষীৰ - আমিৰ হুছেইনক আটক

ধিঙৰ বেচামাৰীত অবৈধ মাৰণাস্ত্ৰসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে ৷ নিজ বাসগৃহত অবৈধ মাৰণাস্ত্ৰসহ সজীৱ গুলী ৰাখিছিল লোকজনে(Illegal weapon seized) ৷

Illegal weapon seized along with one person at Dhing
অবৈধ মাৰণাস্ত্ৰসহ এজনক আটক ধিং আৰক্ষীৰ
author img

By

Published : Apr 1, 2023, 9:00 PM IST

নগাঁও, 1 এপ্ৰিল: নগাঁৱৰ ধিং আৰক্ষীৰ বৃহৎ সফলতা (Dhing police investigation) ৷ শনিবাৰে ধিঙৰ বেচামাৰীত এজন লোকৰ ঘৰত অভিযান চলাই অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে (Illegal weapon seized)। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱ জিলাৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা ধিঙৰ বেচামাৰীৰ গেৰেকণি গাঁৱত অভিযান চলায় (Dhing Illegal weapon seized)৷

আমিৰ হুছেইন নামৰ লোকজনৰ বাসগৃহত চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে আমিৰ হুছেইনৰ ঘৰৰ পৰা মাৰণাস্ত্ৰৰ লগতে দুই জাঁই সজীৱ গুলী জব্দ কৰে ।

আৰক্ষীয়ে ইতিমধ্যে আমিৰ হুছেইনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে (one person detained) ৷ ধৃত আমিৰ হুছেইনে অবৈধ মাৰণাস্ত্ৰ কি কাৰণ ৰাখিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। অৱশ্যে ধিং আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Child Abuse at School: বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ

ইপিনে অধিক তথ্যৰ বাবে মাৰণাস্ত্ৰসহ আটক হোৱা আমিৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে। এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই যদিও ধৃত আমিৰ হুছেইন কোনো অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ধৃত আমিৰ হুছেইনৰ বিৰুদ্ধে পূৰ্বে কোনো গোচৰ অথবা অভিযোগ আছে নে নাই সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে। উল্লেখযোগ্য যে, বিগত কেইদিনত ড্ৰাগছ, চোৰ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।

কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধিং আৰক্ষীয়ে ৷ আমিৰৰ ঘৰত এনেদৰে মাৰণাস্ত্ৰ পোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Illegal liquor seized: ডিলাই বৰপথাৰত আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা সুৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.