ৰূপহীহাট, ১১ ছেপ্টেম্বৰ : ৰাজ্যত চলি আছে চোৰাং কাঠৰ সৰবৰাহ (Wood smuggling) । একাংশ দুষ্টচক্ৰই বহিঃৰাজ্যৰ পৰা চোৰাং কাঠ অসমলৈ সৰবৰাহ কৰি আছে । অৱশ্যে আৰক্ষী আৰু বন বিভাগৰ তৎপৰতাত মাজে সময়ে অবৈধ কাঠ জব্দ হোৱাৰ লগতে আটক হয় সৰবৰাহকাৰীসকল । শুকুৰবাৰে নিশা নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ তৎপৰতাত জব্দ হয় কাঠ ভৰ্তি এখন ১২ চকীয়া ট্ৰাক ।
কাঠৰ ট্ৰাকখন জব্দ কৰাৰ পাছতেই চোৰাং কাঠ ক্ৰয় কৰা আৰু মজুত ৰখাৰ সন্দেহত চাৰিখনকৈ কাঠৰ দোকানত তলা লগালে জুৰীয়া আৰক্ষীয়ে । উল্লেখ্য যে, শ্বিলঙৰ পৰা ১২ চকীয়া ট্ৰাকখনেৰে সৰবৰাহ কৰা হৈছিল চোৰাং কাঠ খিনি । জুৰীয়া বজাৰৰ ছফিকুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীৰ গুদামত কাঠ খিনি ট্ৰাকৰ পৰা নমাবলৈ লওতেই জুৰীয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে কাঠসহ ট্ৰাক খন ।
জব্দ কৰা কাঠ খিনিৰ মূল্য প্ৰায় ৮ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-০১-KC-৮৭৫১ । অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছিল ছফিকুলে ।
জুৰীয়াত চোৰাং কাঠৰ মাফিয়া হিচাপে পৰিচিত ছফিকুলে নীতি বহিৰ্ভূতভাৱে কাঠ মজুত কৰি জুৰীয়াৰ আন আন অঞ্চললৈও এই কাঠ সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে । কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ কেনেকৈ এখন কাঠ ভৰ্তি ট্ৰাক শ্বিলঙৰ পৰা নগাঁও জিলাৰ জুৰীয়াত আহি উপস্থিত হ'ল তাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে বন বিভাগৰ ভূমিকাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে ।
লগতে পঢ়ক :ৰহাত কেঁচু খান্দোতে ওলাল সাপ !