ETV Bharat / state

কলিয়াবৰৰ ৰাঙলুত সুৰা ভৰ্তি বাহন জব্দ - Illegal Liquid

ৰাজ্য়ত অব্যাহত আছে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী বিৰোধী অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে ড্ৰাগছ, গাঞ্জা আদি বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ী ৷ এই অভিযান চলি থকাৰ সময়তে কলিয়াবৰৰ ৰাঙলুত জব্দ হৈছে অবৈধভাৱে সুৰা কঢ়িয়াই অনা বাহন ৷ বাহনখনৰ লগতে জব্দ কেইবা কাৰ্টন বিলাতী সুৰা ৷

ৰাজ্য়ত পুনৰ জব্দ অবৈধ সুৰা
ৰাজ্য়ত পুনৰ জব্দ অবৈধ সুৰা
author img

By

Published : May 31, 2021, 7:33 AM IST

Updated : May 31, 2021, 8:05 AM IST

কলিয়াবৰ, 31 মে : দেওবাৰে নিশা কলিয়াবৰ মহকুমা প্ৰশাসন আৰু জখলাবন্ধা আৰক্ষীৰ উপস্থিতিত কলিয়াবৰৰ ৰাঙলুত অবৈধভাৱে সুৰা সৰবৰাহ কৰা এখন বাহন জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে । লগতে জব্দ কৰে কেইবা কাৰ্টন বিলাতী সুৰা ।

কলিয়াবৰৰ ৰাঙলুত সুৰা ভৰ্তি বাহন জব্দ
কলিয়াবৰৰ ৰাঙলুত সুৰা ভৰ্তি বাহন জব্দ

উল্লেখ্য যে, ক’ভিড প্ৰট’কল উলংঘা কৰি বাহনখনে নিশা কঢ়িয়াই আনিছিল কেইবা কাৰ্টন সুৰা। ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো এতিয়াও একাংশই নিয়ম উলংঘা কৰি আছে ।যাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ প্ৰশাসন তথা আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে । অভিযান কালত উপস্থিত থাকে কলিয়াবৰ মহকুমাধিপতিৰ লগতে দণ্ডাধীশ আৰু জখলাবন্ধা আৰক্ষী ।

লগতে পঢ়ক: কাছাৰত ২৮০ গ্ৰাম ব্ৰাউন চুগাৰ সহ দুটা সৰবৰাহকাৰীক আটক

Last Updated : May 31, 2021, 8:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.