ETV Bharat / state

ৰূপহীহাটত মীন মহলৰ ভূমি বেদখলৰ অভিযোগ - ৰূপহীহাট বেদখল

ৰূপহীহাটৰ জুৰীয়াৰ বৰালীমাৰিত ৰাজহুৱা মীন মহলৰ ভূমি বেদখল কৰি প্ৰকাণ্ড পুখুৰী খান্দিছে তজমল হুছেইন নামৰ এজন লোকে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে মীন মহলটো সম্পূৰ্ণৰূপে বেদখলকাৰীৰ কবলত পৰাৰ আশংকা ৰাইজৰ ৷

illegal-land-grabbing
মীন মহলৰ ভূমি বেদখল
author img

By

Published : Apr 26, 2021, 8:28 AM IST

ৰূপহীহাট,26 এপ্ৰিল: ৰূপহীহাটৰ জুৰীয়াৰ বৰালীমাৰিত মীন মহলৰ ভূমি এক দুষ্টচক্ৰই বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বৰালীমাৰি বিলৰ পাৰৰ তজমল হুছেইনৰ ছত্ৰছায়াত এই মীন মহলৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে । ভূমি দখল কৰি প্ৰকাণ্ড পুখুৰী খান্দিছে লোকজনে ৷

এই ক্ষেত্ৰত সূঁতিৰপাৰ আৰক্ষীয়ে চকুমুদা কুলিৰ দৰে ভাও ধৰি থকাৰ অভিযোগ উত্থাপন কৰি ৰাইজে কয় যে, এই ৰাজহুৱা মীন মহলটো মীন বিভাগে আৱণ্টন দি মহলদাৰৰ পৰা বছৰি 3 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি আহিছে ৷ কিন্তু বিলৰ পাৰৰ তজমলৰ গুণ্ডা বাহিনীয়ে মহলদাৰক ভয়-ভাবুকি দি মীন মহলৰ প্ৰায় 30 বিঘা মাটি বেদখল কৰে ।

মীন মহলৰ ভূমি বেদখল

মহলদাৰ নৰেশ সৰকাৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত সূঁতিৰপাৰ আৰক্ষী চকীত তজমল বাহিনীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ ফুৰহানিআটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰালিমাৰী ৰাজহুৱা বিলৰ বৃহৎ অংশৰ মাটি বেদখল কৰা দুষ্টচক্ৰটোৰ বিৰুদ্ধে প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা নল’লে মীন মহলটো সম্পূৰ্ণৰূপে বেদখলকাৰীৰ কবলত পৰাৰ আশংকা কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.