ETV Bharat / state

অসমীয়াৰ গণ সমাৱেশত কঁপিল নগাঁও

author img

By

Published : Jan 4, 2020, 11:02 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুৱালীত বিশাল গণ সমাৱেশ ৷ অংশগ্ৰহণ কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈকৈ,পলাশ চাংমাইকে ধৰি সহস্ৰাধিক লোকে ৷

Huge CAA protest at Nagaon
অসমীয়াৰ গণসমাৱেশ কঁপিল নগাঁও

নগাঁও,4 জানুৱাৰীঃ নতুন বৰ্ষ আহিল কিন্তু অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়াৰ গৰ্জন ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুৱালীত বিশাল গণসমাৱেশ ৷ প্ৰায় 50 সহস্ৰাধিক জনগণৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে গৰজিল শিল্পী,সাংবাদিককে ধৰি জাতীয় সংগঠনৰ নেতাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য,সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে হুংকাৰ প্ৰদান কৰিলে চৰকাৰৰ বিৰুদ্ধে ৷ অখিল গগৈৰ গ্ৰেপ্তাৰক স্পষ্ট ভাষাৰে তীব্ৰ গৰিহণা প্ৰদান কৰে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে নাগৰিকত্ব আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলো নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে ড৹ ভট্টাচাৰ্যই ৷

অসমীয়াৰ গণসমাৱেশ কঁপিল নগাঁও

আনহাতে চৰকাৰ যদি নিজৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছুৱাই নাযায় তেন্তে আমিও বিন্দু মাত্ৰও পিছুৱাই নাযাও এই আন্দোলনৰ পৰা এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। লগতে আগন্তুক নিৰ্বাচনত এশখন আসন পাব বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যুত্তৰ দিয়ে লুৰিণজ্যোতি গগৈয়ে। ইয়াৰোপৰি অবৈধ বিদেশীৰ ভোটেৰে গাদী সুৰক্ষা কৰিব বিচাৰিছে চৰকাৰে বুলি মন্তব্য প্ৰদান কৰে সম্পাদকগৰাকীয়ে । হিমন্তই কেৱল ক্ষমতাৰ লোভত জাতি বিক্ৰী কৰিবলৈ ওলাইছে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ ।

কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত প্ৰতিবাদী গণসমাৱেশৰ পৰাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে চৰকাৰৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়াৰ লগতে 50 সহস্ৰাধিক লোকৰ সৈতে খেলো ইণ্ডিয়া ভাগো মোডী ধ্বনিৰে উত্তাল কৰি তোলে ৷ আনহাতে এই গণ সমাৱেশৰ জৰিয়তে নাগৰিকত্ব আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলো নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবীত জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গ্ৰহণ কৰে তিনিটাকৈ প্ৰস্তাৱ।

আৰু পঢ়কঃশিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱৰ নেহেৰুৱালীত বিৰাট গণসমাবেশ। ৫০ সহস্ৰাধিকৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে শিল্পী, সাংবাদিক, জাতীয় সংগঠনৰ নেতাৰ উদাত্ত ভাষণ। চৰকাৰক হুংকাৰ, কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা জাতীয় সংগঠনৰ নেতাক মুক্তিৰ দাবী। কলঙৰ বাকৰিৰ পৰাই ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ হুংকাৰ। চৰকাৰ যদি নিজৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছুৱাই নাযায় আমি চুলিমানো পিছুৱাই নাযাওঁ আন্দোলনৰ পৰা। আগন্তক নিৰ্বাচনত এশ আসন পাব বুলি কোৱা হিমন্তকো প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈৰ। অবৈধ বিদেশীৰ ভোটেৰে গাদী সুৰক্ষা কৰিব বিচাৰিছে চৰকাৰে। নেহেৰুৱালীৰ পৰাই প্ৰতিধ্বনিত হল খেলু ইণ্ডিয়া ভাগো মোদী ধ্বনি

Body:জনসমদ্ৰুত পৰিণত নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালী। কা ৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। কা ৰ সমান্তৰালকৈ চৰকাৰৰ বিৰুদ্ধে উদাত্ত ভাষণ শিল্পী, সাংবাদিক, জাতীয় সংগঠনৰ নেতাৰ। প্ৰতিধ্বনিত হল খেলু ইণ্ডিয়া ভাগো মোদী ধ্বনি।
এই দৃশ্য নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীৰ। শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নেহেৰুৱালীত সমবেত প্ৰায় ৫০ সহস্ৰাধিক লোক। নগাঁৱৰ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিল্পী, সাংবাদিকৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অনুষ্ঠিত বিৰাট প্ৰতিবাদী গণসমাবেশৰ দৃশ্য এয়া। বিশাল প্ৰতিবাদী গণসমাবেশত ভাষণ গণ শিল্পী সূৰ্য্য দাসৰ। শিল্পীসকলো যেন সংকল্পবদ্ব সকলো শিল্পী। প্ৰতিবাদী গণসমাবেশত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সম্পাদক লুৰিণজ্যোতি গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ উদাত্ত ভাষণ কা আৰু চৰকাৰৰ বিৰুদ্ধে। নিজৰ ভাষণত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কথাৰ উত্তৰ।
bite- সমুজ্জল

Conclusion:ইপিনে হিমন্ত বিশ্ব শর্মাকো উভতি ধৰি আছু ৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য। হিমন্তই অবৈধ বিদেশীৰ ভোটৰে গাদী সুৰক্ষাৰ পৰিকল্পনা কৰিছে বাবেই আগন্তক নিৰ্বাচনত এশ আসন পাব বুলি দম্ভালি মাৰিছে। ইপিনে সর্বা, হিমন্তই কেৱল ক্ষমতাৰ খকত জাতি বিক্ৰী কৰিবলৈ ওলাইছে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ।
bite- লুৰিণজ্যোতি
কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত প্ৰতিবাদী গণসমাবেশৰ পৰাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই ও চৰকাৰৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়াৰ লগতে ৫০ সহস্ৰাধিক লোকৰ সৈতে দিলে খেলু ইণ্ডিয়া ভাগো মোদী ধ্বনি।

গনসমাবেশৰ জৰিয়তে কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা প্ৰতিজনকে বিনাচৰ্তে মুক্তিৰ দাবী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গ্ৰহণ কৰে তিনিটাকৈ প্ৰস্তাৱ।
---------------/-///-------------------------------------/---
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৪-১-২০
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.