ETV Bharat / state

চৰকাৰৰ নিৰ্দেশনাক আওকাণ কৰিলে লংকা হাইস্কুলে

author img

By

Published : Sep 22, 2020, 1:02 PM IST

ক'ভিড 19 ৰ প্ৰট’কল তথা চৰকাৰী নিৰ্দেশনা মানি বিদ্যালয় খোলাৰ নিৰ্দেশনাক লংকা হাইস্কুলে আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে লংকাৰ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ কোৱাৰেণ্টাইন চেন্টাৰ প্ৰায় দুমাহ পূৰ্বেই খালী কৰা হৈছিল ৷ কিন্তু বৰ্তমানো বিদ্যালয়‌খনত আছে কোৱাৰেণ্টাইন চেণ্টাৰৰ বিভিন্ন সা-সামগ্ৰী ৷

চৰকাৰৰ নিৰ্দেশনাক আওকাণ কৰিলে লংকা হাইস্কুলে
চৰকাৰৰ নিৰ্দেশনাক আওকাণ কৰিলে লংকা হাইস্কুলে

লংকা, 22 ছেপ্টেম্বৰ : ৰাজ্যত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে পাঠদানৰ কাৰ্যসূচী ৷ সম্পূৰ্ণ ক'ভিড 19 ৰ প্ৰট’কল তথা চৰকাৰী নিৰ্দেশনা মানি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে সকলো চৰকাৰী বিদ্যালয়ৰ পাঠদান ৷ সেই অনুসৰি ৰাজ্যৰ বিদ্যালয় সমূহত কম সংখ্যক হলেও শ্ৰেণী কোঠাত উপস্থিত আছে ছাত্ৰ-ছাত্ৰী ৷

কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক লংকা হাইস্কুলে আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো লংকা হাইস্কুলত বৰ্তমানো আছে কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত সা-সামগ্ৰী ৷

উল্লেখ্য যে চৰকাৰে ইতিমধ্যে, কোৱাৰেণ্টাইন চেণ্টাৰ থকা বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিদ্যালয় খোলাৰ আগতেই পৰিষ্কাৰ কৰাৰ লগতে ছেনিটাইজ কৰাৰ নিৰ্দেশ দিছিল । ইপিনে লংকাৰ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ কোৱাৰেণ্টাইন চেন্টাৰ প্ৰায় দুমাহ পূৰ্বেই খালী কৰা হৈছিল ৷ কিন্তু বৰ্তমানো বিদ্যালয়‌খনত আছে কোৱাৰেণ্টাইন চেণ্টাৰৰ বিভিন্ন সা-সামগ্ৰী ।

ইয়াৰ বাবেই এতিয়া বিপাঙত পৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ । ইপিনে, বিদ্যালয় কৰ্তৃপক্ষই লংকাৰ স্বাহ্য বিভাগ, চক্ৰ বিষয়া, জিলা উপায়ুক্তক আবেদন জনাইছে যদিও আজি দ্বিতীয় দিনাও বৰ্তমানলৈকে এই সামগ্ৰী সমূহ বিদ্যালয়খনৰ পৰা খালী কৰাৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

লগতে পঢ়ক :তীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.