ETV Bharat / state

চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ ! - himatas health is in unhealthy atmosphere

চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টজনৰ লগত সু-সম্পৰ্ক নথকাত ৰোগী আৰু অভিভাৱকে প্ৰায়েই সমস‍্যাৰ সন্মুখীন হয় । ফাৰ্মাচিষ্টজনৰো অভব‍্য আচৰণৰ অভিযোগ বহু পুৰণি । ফলত দীৰ্ঘদিন ধৰি স্থানীয় ৰোগীয়ে সমস‍্যা ভোগ কৰি আহিছে ।

চিকিৎসকৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰিছে স্থানীয় ৰাইজক

author img

By

Published : Feb 23, 2021, 1:44 PM IST

Updated : Feb 23, 2021, 2:24 PM IST

কলিয়াবৰ,23 ফেব্ৰুৱাৰীঃ ৰাজ‍্যৰ স্বাস্থ‍্য বিভাগৰ সফলতাৰ ঢোল কোবাই ভাগৰি নপৰা স্বাস্থ‍্য মন্ত্ৰীৰ বিভাগৰ বিপৰীত ৰূপত অতিষ্ঠ স্থানীয় ৰাইজ । কলিয়াবৰৰ দক্ষিণ-পশ্চিম অঞ্চলৰ অন‍্যতম চিকিৎসালয় পানীগাঁও ৰাজ‍্যিক চিকিৎসালয়ত বিৰাজ কৰিছে অৰাজক পৰিৱেশে । কৰ্মৰত চিকিৎসক মণ্টু শৰ্মাৰ অনিয়মীয়া উপস্থিতিয়ে ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে । যি কেইদিন কৰ্মত উপস্থিত থাকে, তাকো নিয়মীয়া নোহোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৷

চিকিৎসকৰ কৰ্মকাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজ !

ইপিনে চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টজনৰ লগত সু-সম্পৰ্ক নথকাত ৰোগী আৰু অভিভাৱকে প্ৰায়েই সমস‍্যাৰ সন্মুখীন হয় । ফাৰ্মাচিষ্টজনৰো অভব‍্য আচৰণৰ অভিযোগ বহু পুৰণি । ফলত দীৰ্ঘদিন ধৰি স্থানীয় ৰোগীয়ে সমস‍্যা ভোগ কৰি আহিছে । একেদৰে নাৰ্চ আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মাচাৰীৰ মাজতো মনোমালিন‍্যৰ ফলত কৰ্তব‍্য পালনৰ সময়ত প্ৰায়েই বাক-বিতণ্ডা চিকিৎসালয়লৈ অহা ৰোগী আৰু অভিভাৱকে প্ৰত‍্যক্ষ কৰিবলগা হয় ।

আনহাতে বিদ‍্যালয়ৰ পোচাকত অহা কণ-কণ ছাত্ৰ-ছাত্ৰীৰো পাঁচ টকাকৈ মাচুল সংগ্ৰহ কৰিহে চিকিৎসা সেৱা আগবঢ়াই চিকিৎসালয়খনত । তাকে দিব নোৱাৰা ছাত্ৰ-ছাত্ৰীক প্ৰায়ে ফৰ্মাচিষ্টজনে দুৰ্ব‍্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । শেহতীয়াকৈ বিগত শনিবাৰে এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন ৰোগীক পুৱা চিকিৎসালয়লৈ অনাৰ সময়ত চিকিৎসালয়খন বন্ধ থকাত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰে বাক-বিতণ্ডাৰ ফলস্বৰূপে সোমবাৰে স্থানীয় ৰাইজে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে ।

লগতে পঢ়কঃ হায়দৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

Last Updated : Feb 23, 2021, 2:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.