নগাঁও, ১৪ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাটো অসমবাসীৰ বাবে পৰাজয় বুলি মন্তব্য কৰা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আমছু নেতা আজিজুৰ ৰহমানে।
বুধবাৰে বিয়লি নগাঁৱৰ জুৰীয়াত অনুষ্ঠিত হোৱা আমছুৰ এক সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিলাজ প্ৰতাৰক আখ্যা দিয়ে ৰহমানে। সমগ্ৰ অসমবাসীয়ে নাগৰিকত্ব বিধেয়ক গৃহীত নোহোৱাৰ আনন্দ-উল্লাসত মতলীয়া হৈ থকাৰ মাজতে হিমন্তৰ এই মন্তব্যত ক্ষোভিত হৈ পৰিছে আমছু নেতাগৰাকী। হিমন্ত বিশ্ব শৰ্মাক সঠিক পথত উভতি আহিবলৈও আহ্বান জনায় ৰহমানে।