কলিয়াবৰ, 23 নৱেম্বৰ: এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি জখলাবন্ধাত ৷ কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে ৷ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱাৰ অভিযোগ তুলিছে মৃত মহিলা গৰাকীৰ পৰিয়াল তথা দলগাঁৱবাসী ৰাইজে ৷
উল্লেখ্য যে, ৪ নৱেম্বৰত কলিয়াবৰৰ দলগাঁৱৰ ববী সৎনামী নামৰ মহিলাগৰাকীয়ে বন্ধ্যাকৰণৰ বাবে জখলাবন্ধা চিকিৎসালয়ৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ বীৰেন দেউৰীৰ ওচৰলৈ গৈছিল ৷ চিকিৎসক বীৰেন দেউৰীয়ে অস্ত্ৰোপচাৰ কৰাৰ পাছতে অত্যন্ত পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাৰ বাবে পুনৰ ভৰ্তি হৈছিল জখলাবন্ধা চিকিৎসালয়ত ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়তে মহিলা গৰাকীৰ মৃত্যু হয় ৷
সোমবাৰে মহিলা গৰাকীৰ মৃত্যু খবৰ পাই স্থানীয় ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে ৷ চিকিৎসক বীৰেন দেউৰীৰ ভুল চিকিৎসাৰ বাবে মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি জখলাবন্ধা চিকিৎসালয় চৌহদত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে অৱশেষত মহকুমা আৰক্ষী বিষয়া তথা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক