ETV Bharat / state

নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই - কেশৱ মহন্তৰ নগাঁও ভ্ৰমণ বাতৰি

শনিবাৰে বিধায়ক ৰূপক শৰ্মা আৰু বিধায়ক জিতু গোস্বামীৰ সৈতে নগাঁৱৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

as_ngn_01_15may_health_minister_vis+bite_7203829
নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
author img

By

Published : May 15, 2021, 7:00 PM IST

নগাঁও, 15 মে’: শনিবাৰে নগাঁৱত উপস্থিত হৈ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই শনিবাৰে চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ পিছতেই নগাঁও জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী ৷ 20 খন আই চি ইউ বিচানাযুক্ত চিকিৎসালয়খনত আগন্তুক দহ দিনৰ ভিতৰত অতিৰিক্ত 40 খন বিচনাৰ কাম সম্পূৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ইয়াৰ উপৰিও ক’ভিড কেয়াৰ কেন্দ্ৰত থকা ৰোগীসকলক এতিয়াৰে পৰা প্ৰতিদিনে 300 টাকাৰ খাদ্য যোগান ধৰাৰ লগতে ৰাজ্যত অতিশীঘ্ৰে 100 খন 108 এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, আগন্তুক 17 মে’ৰ পৰা ৰাজ্যত দৈনিক 1 লাখ ক’ভিড পৰীক্ষা কৰাৰ লগতে ৰাজহুৱা স্থানসমূহ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিবলৈও জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

শনিবাৰৰ এই ভ্ৰমণকালত স্বাস্থ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে নগাঁৱৰ বিধায়ৰ ৰূপক শৰ্মাৰ লগতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৷

লগতে পঢ়ক-ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.