ETV Bharat / state

নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা 22 গৰাকীলৈ বৃদ্ধি - জিলা চিকিৎসা

নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 22 গৰাকীকৈ লোক । ইয়াৰে দুজনকৈ লোকে ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৷ নগাঁৱত সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰিলে স্বাস্থ্য বিভাগে ।

Health Department press meet at Nagaon
নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা 22 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Aug 27, 2020, 7:19 PM IST

নগাঁও, 27 আগষ্ট : কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে নগাঁৱত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ । পূৰ্বৰ তুলনাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কিছু হ্ৰাস পোৱা বুলি নগাঁও জিলা স্বাস্থ্য বিভাগে দাবী কৰিছে ৷ নগাঁৱত সংবাদমেল আয়োজন কৰি এই তথ্য সদৰি কৰিলে স্বাস্থ্য বিভাগে ।

নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা 22 গৰাকীলৈ বৃদ্ধি

তথ্য অনুসৰি, চলিত বৰ্ষত অবিভক্ত নগাঁও জিলা অৰ্থাৎ নগাঁও আৰু হোজাইত এই পর্যন্ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 22 গৰাকীকৈ লোক । ইয়াৰে দুজনকৈ লোকে ইতিমধ্যেই জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে । সুকুমাৰ দাস নামৰ এজন লোকে বিগত 7 আগষ্টত মৃত্যু হোৱাৰ বিপৰীতে 18 আগষ্টত মৃত্যুবৰণ কৰে গোপাল চন্দ্ৰ আৰ্য নামৰ আন এজন লোকে ।

বৃহস্পতিবাৰে নগাঁও আৱৰ্ত ভৱনত এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰি কৰে জিলা চিকিৎসা তথা স্বাস্থ্য বিষয়া অৰূপজ্যোতি মহন্তই । জাপানীজ এনকেফেলাইটিছ ৰোগ সম্পৰ্কত বহু সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে স্বাস্থ্য বিষয়া গৰাকীয়ে । সংবাদমেলত স্বাস্থ্য বিষয়া শান্তনা শৰ্মা আৰু চেহনাজ আহমেদও উপস্থিত থাকে ।

লগতে পঢ়ক : শিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.