চামগুৰি,27 মাৰ্চ : আগন্তুক 1 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী তথা দলীয় নেতাসকল ৷ শনিবাৰে বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী সভাত ভাগ লয় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী সভাত অংশ লয় হাগ্ৰামাই ৷
সভাত ভাষণ প্ৰসংগত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলক তীব্ৰ সমালোচনা কৰে বিপিএফ প্ৰধান গৰাকীয়ে ৷ তেওঁ কয় যে, ‘‘প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে গুৰুজনাই হেনো বৃটিছৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছিল ৷ মোদীৰ এয়া গুৰুজনাৰ প্ৰতি চৰম অপমান । ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে। অসমত আৰু বিজেপি চৰকাৰ নহয় । 2 মে’ৰ পাচত আমি 'কা' বাতিল কৰিম’’।
বড়ো ট্ৰাইবেলৰ লগতে হুজুৰসকলক এইবাৰ কংগ্ৰেছক ভোট দিবলৈ আহবান জনায় হাগ্ৰামাই । লগতে তেওঁ কয় যে, এইবাৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ 25-30 খন আসনহে লাভ কৰিব ।
হাগ্ৰামা বঢ়মপুৰত আহিল যেতিয়া সুৰেশ বৰাৰ জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে পঢ়ক : দল বিৰোধী কাম কৰাৰ অভিযোগ অস্বীকাৰ ৰাহুল নাইডিঙৰ