ETV Bharat / state

কলিয়াবৰৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ মুকলি অনুষ্ঠানত মি. ৱৰ্ল্ড গৌতম কলিতা

author img

By

Published : Nov 21, 2020, 11:00 AM IST

নগাঁৱৰ কলিয়াবৰত শুকুৰবাৰে ‘ষ্ট্ৰং মাছুল্‌চ জিম’ নামৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি ৷ মুকলি অনুষ্ঠানত 2007 চনত ‘মি. ৱৰ্ল্ড’ খিতাপ অৰ্জন কৰা নগাঁৱৰ শৰীৰ চৰ্চাবিদ গৌতম কলিতাই উপস্থিত থাকি শৰীৰ চৰ্চাৰ গুৰুত্ব আৰু উপকাৰিতা সম্পৰ্কে মন্তব্য কৰে ৷

gym opened in kaliabor
কলিয়াবৰত জিম মুকলি

কলিয়াবৰ,21 নৱেম্বৰ : শুকুৰবাৰে নগাঁৱৰ কলিয়াবৰত মুকলি কৰা হৈছে ‘ষ্ট্ৰং মাছুল্‌চ জিম’ নামৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰ ৷ কলিয়াবৰৰ কুঁৱৰীটোলত কেন্দ্ৰটো মুকলি কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত বিতোপন নেওগে ।

মুকলি অনুষ্ঠানত উপস্থিত থাকি 2007 চনত ‘মি. ৱৰ্ল্ড’ খিতাপ অৰ্জন কৰা নগাঁৱৰ শৰীৰ চৰ্চাবিদ গৌতম কলিতাই বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে ব‍্যাখ‍্যা আগবঢ়ায় ৷ ‘আপুনি সুস্থ মানেই সমাজ সুস্থ’ৰ এক ধাৰা সৃষ্টি হোৱাৰ কামনা কৰিছে শৰীৰ চৰ্চাবিদ গৰাকীয়ে ।

কলিয়াবৰত জিম মুকলি

উল্লেখ্য যে, নতুনকৈ মুকলি হোৱা শৰীৰ চৰ্চা কেন্দ্ৰটোত গৌতম কলিতায়ো ন-শিকাৰুক দিহা-পৰামৰ্শ আগবঢ়াব । কলিয়াবৰৰ যুৱচাম তথা ছাত্ৰ-ছাত্ৰীসকলে এই কেন্দ্ৰটোৰ পৰা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে জিমটোৰ স্বত্বাধিকাৰী ছায়েদ মিৰ্জাই ৷

লগতে পঢ়ক : শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.