ETV Bharat / state

ৰাজ্যজুৰি উদযাপন গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী - Guru Nanak birth anniversary celebartion at nagon

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উলহ মালহৰে উদযাপন কৰা হয় গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী ৷ ধুবুৰী, গোলাঘাট, নগাঁৱৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত বিভিন্ন কাৰ্যসূচীৰে গুৰুনানকৰ জয়ন্তী উদযাপন কৰা হয় ৷

ৰাজ্যজুৰি উদযাপন গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী
author img

By

Published : Nov 12, 2019, 10:20 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰঃ আজি দেশজুৰি উদযাপন কৰা হৈছে গুৰু নানকৰ 550তম্ জন্ম জয়ন্তী ৷ সমান্তৰালকৈ ৰাজ্যৰ ভিন ভিন স্থানৰ গুৰুদ্বাৰসমূহতো উলহ মালহেৰে জন্মজয়ন্তী উদযাপন কৰা হয় ৷ সেই উপলক্ষে ধুবুৰী গুৰুদ্বাৰতো দহ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা অখণ্ড পাঠ আজি সম্পন্ন কৰা হয় ৷ লগতে শিখ ধৰ্মৰ পৰম্পৰা অনুসৰি কীৰ্তন পাঠ কৰা হয় ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে পাঞ্জাৱৰ চুলতানপুৰৰ লগতে নগাঁৱতো গুৰুনানকৰ ৫৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা গুৰুনানকৰ জীৱন দৰ্শনৰ প্ৰদৰ্শনীৰো আজি সামৰণি পৰে ৷ চৰকাৰৰ এই পদক্ষেপৰ বাবে ধন্যাবাদ জ্ঞাপন কৰে নগাঁও গুৰুদ্বাৰ সমিতিয়ে ৷

ধুবুৰী আৰু নগাঁৱত গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন

কৰিমগঞ্জ জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ গুৰুপূৰ্ণিমা উদযাপন ৷ কৰিমগঞ্জৰ 7নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত থকা গুৰুদ্বাৰত পূজাঅৰ্চনাৰ বাহিৰেও চহৰখনত থকা ষ্টীমাৰঘাট কেম্পত এক লংগৰৰ (মহাপ্ৰসাদ বিতৰণ) আয়োজন কৰা হয় ৷ য’ত সকলো ধৰ্মৰ জোৱানে একত্ৰিত ভাৱে প্ৰসাদ গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও গোলাঘাটতো উদযাপন কৰা হয় গুৰুনানকৰ 550তম্ জন্ম জয়ন্তী ৷ গোলাঘাটৰ বেঙেনাখোৱাত অৱস্থিত গুৰুদ্বাৰত উদযাপিত জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ৷ আনহাতে, গোলাঘাটৰ বিজেপি নেতা জয়ন্ত গোস্বামীয়ে লংগৰৰ ৰুটি বনোৱাৰ লগতে ভোজন গ্ৰহণ কৰা বাচন-বৰ্তন পৰিস্কাৰ কৰি দিয়ে ৷

কৰিমগঞ্জ আৰু গোলাঘাটত গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওৰ সদৰ হাফলঙতো উদযাপন গুৰু নানকৰ জন্ম জয়ন্তী ৷ আজি ডিফুৰ গুৰুদ্বাৰ প্ৰাংগণত শিখ ধৰ্মাৱলম্বীৰ লোকসকল একত্ৰিত হৈ গুৰু নানকৰ নাম-কীৰ্তন কৰে ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে ৷ লগতে হাফলঙত উপস্থিত থাকে হাফলং সেনাবাহিনীৰ 22 ছেক্টৰৰ ব্ৰিগেডিয়াৰ এইচ এছ সিন্ধুৰ লগতে কমাণ্ডেণ্ট ৰাজেন্দ্ৰ সিং ৰাৱত ৷

ডিফুত গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন

Intro:আজি জগদ গুৰু গুৰু নানকৰ ৫৫০ জন্মজয়ন্তী। দেশজুৰি পালন কৰা হৈছে গুৰু নানকৰ জন্ম জয়ন্তী। গুৰু নানকে পদাৰ্পণ কৰা ঐতিহাসিক ধুবুৰী গুৰু টেগ বাহাদুৰ গুৰু দ্বাৰত উদযাপন কৰা হয় গুৰু নানকৰ ৫৫০ তম জন্ম জয়ন্তী।

Body:
জগদ গুৰু গুৰু নানকৰ আজি ৫৫০ তম জন্ম জয়ন্তীৰ দিনা উখল মাখল ধুবুৰী গুৰুদ্বাৰ। পোন্ধৰ শ শতিকাত ধুবুৰীত পদাৰ্পণ কৰিছিল গুৰু নানক। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰিছিল গুৰু নানক। আজি গুৰু নানকৰ জন্ম জয়ন্তীৰ দিনা শিখ ধৰ্মৰ অন্যতম প্ৰতিষ্ঠান ধুবুৰী গুৰুদ্বাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয় জন্ম জয়ন্তী। জন্ম জয়ন্তী উপলক্ষে দহ নৱেম্বৰত আৰম্ভ হোৱা অখণ্ড পাঠ আজি সম্পন্ন হোৱাৰ বিপৰীতে আজি দুপৰীয়াৰ ভাগত শিখ ধৰ্মৰ পৰম্পৰা অনুসৰি কীৰ্তন পাঠ কৰা হয় ধুবুৰী গুৰুদ্বাৰত। কীৰ্তন অনুষ্ঠানত কেৱল শিখ ধৰ্মীয় লোক সকলৰ উপৰিও আন বিভিন্ন ধৰ্মৰ লোক সকল উপস্থিত থকা পৰিলক্ষিত হয়।
ইপিনে আজি দুপৰীয়াৰ ভাগৰ পৰা গুৰুদ্বাৰৰ স্থায়ী লংঘৰত শ শ ভক্ত ৰাইজে আহাৰ গ্ৰহণ কৰে।

Byte:- গুৰবিন্দৰ সিং, মেনেজাৰ।

ইপিনে শিখ ধৰ্মীয় ভক্ত সকলে আজি বহুত আনন্দিত আৰু উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।

Byte:- ভক্ত অনুৰাগী।

Conclusion:মুঠৰ ওপৰত আজি গুৰু নানকৰ জন্মজয়ন্তীত উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.