নগাঁও, 11 জুলাই : দেওবাৰে নগাঁৱৰ কাতিমাৰী চিআৰপিএফ শিবিৰ(CRPF Camp)ত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনা(gunfire)ৰ ঘটনা । চিআৰপিএফৰ মাজত হোৱা গুলীচালনাত আহত দুজনকৈ জোৱান । নগাঁৱৰ কাতিমাৰিস্থিত ৩৪ নং চি আৰ পি এফ শিবিৰত সংঘটিত এক গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চিআৰপিএফ শিবিৰৰ দুই জোৱান ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহেৰুলে ইছলামৰ মাজত দেওবাৰে এইদৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা ।
দুয়োগৰাকী জোৱানৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত দুয়োজন জোৱানে(Jawan)ই গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । আহত দুয়োজন জোৱানকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুয়োৰে অৱস্থা কিছু সংকটজনক হোৱাত লগে লগেই উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH)লৈ । দুয়োগৰাকী জোৱানৰ মাজত হোৱা গুলীচালনাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও, ব্যক্তিগত সংঘাতৰ ফলতেই দুয়োৰে মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।
ইতিমধ্যে চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত ইতিপূৰ্বে চিআৰপিএফ শিবিৰৰ তৰফৰ পৰা স্থানীয় আৰক্ষী থানাত এজহাৰ(FIR) দাখিল কৰা বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক : নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে