নগাঁও, 3 নৱেম্বৰ: দেওবাৰে নগাঁও জিলাৰ কাষৰীয়া অঞ্চল মাজৰআটিস্থিত গোলাপ গোশালাৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ, ভৱনৰ লগতে গোপাষ্টমী মেলা উদ্ধোধনী কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ এই উদ্ধোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ স'তে উপস্থিত থাকে তেওঁৰ পত্নী প্ৰেম মুখী, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যপাল মুখীয়ে গো পালন, গৰুৰ যতন, গোমূত্ৰৰ উপকাৰীতাৰ বিষয়ে জনোৱাৰ লগতে ভৱিষ্যতে গাখীৰতকৈ গোমূত্ৰ অধিক মূল্যৱান হ'ব বুলিও মন্তব্য কৰে ৷
উল্লেখ্য যে, সপ্তাহত তিনিদিন গোলাপ গোশালাত পশু চিকিৎসকে সেৱা আগবঢ়োৱাৰ লগতে চৰকাৰে গোশালাটোলৈ সহায়- সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷