ETV Bharat / state

অষ্টমবাৰৰ আৱেদনৰ অন্তত নিৰঞ্জন মহন্তলৈ শিল্পী পেঞ্চন

author img

By

Published : Aug 15, 2020, 3:52 PM IST

কলিয়াবৰৰ বৰ্ষীয়ান সত্ৰীয়া শিল্পী নিৰঞ্জন মহন্তলৈ অসম চৰকাৰৰ শিল্পী পেঞ্চন ৷ অষ্টমবাৰ আৱেদনৰ অন্তত লাভ কৰিলে শিল্পী পেঞ্চন ৷

Government of Assam artist pension to Niranjan Mahanta
অষ্টমবাৰৰ আৱেদনৰ অন্তত নিৰঞ্জন মহন্তলৈ শিল্পী পেঞ্চন

নগাঁও, 15 আগষ্ট: দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক-ক্ষণত শুকুৰবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰে বিভিন্ন শিতানৰ চৰকাৰী পেঞ্চন প্ৰাপক সকলৰ নাম । 2020 চনৰ শিল্পী পেঞ্চনৰ তালিকাত স্থান লাভ কৰিছে কলিয়াবৰৰ দুগৰাকী শিল্পীয়ে ৷ এগৰাকী নিৰঞ্জন মহন্ত আৰু আনজন হৈছে অৰুণ বৰা । ৰাজ্য চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চন লাভ কৰোতা বৰ্ষীয়ান শিল্পী হৈছে নিৰঞ্জন মহন্ত । 75 বছৰীয়া শিল্পী তথা মাধতাৰী গাঁৱৰ অংকীয়া ভাওনা আৰু সত্ৰীয়া সংস্কৃতিৰ সেৱক নিৰঞ্জন মহন্তই অষ্টমবাৰৰ বাবে আৱেদনৰ অন্তত এইবেলি শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে ।

ল'ৰালি কালৰে পৰাই কলিয়াবৰৰ সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হোৱা নিৰঞ্জন মহন্ত অংকীয়া ভাওনাৰ আটাইকেইটা দিশৰ এগৰাকী পাৰদৰ্শী ব্যক্তি আছিল । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ হৈ দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত ভাওনা পৰিৱেশন কৰি সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে এই প্ৰতিভাৱান শিল্পীগৰাকীয়ে ।

অসম চৰকাৰৰ শিল্পী পেঞ্চন
অসম চৰকাৰৰ শিল্পী পেঞ্চন

শিল্পী পেঞ্চন লাভ কৰা মহন্তই শিল্পী জীৱনত লাভ কৰা গুৰু স্থানীয় ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰে । শিল্পী জীৱনত সান্নিধ্য তথা শিক্ষা লাভ কৰা কলিয়াবৰৰ বিশিষ্ট শিল্পী প্ৰয়াত পদুম বৰা, তিলক চন্দ্ৰ ফুকন, বানেশ্বৰ ভঁৰালী, দেৱেন ভূঞা, গোপাল মহন্তৰ অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰে । লগতে তেখেতৰ সম-সাময়িক জ্যেষ্ঠ-কণিষ্ঠ সহযোগী শিল্পীসকলৰো শলাগ লয় । এটি পঁজা সদৃশ ঘৰতেই অকলশৰীয়া জীৱন পাৰ কৰিছে শিল্পীগৰাকীয়ে । দুই জীয়াৰীক বিয়া দিয়াৰ পিছতে পত্নীৰো অকাল বিয়োগ ঘটে ।

নিৰঞ্জন মহন্তলৈ শিল্পী পেঞ্চন

যোৱা প্ৰায় আঠ বছৰ নিজেই ৰন্ধা-বঢ়াৰ পৰা ঘৰুৱা সকলোখিনি কাম কৰিও নিৰঞ্জন মহন্তই যাপন কৰিছে এক কৰ্মময় জীৱন । আৰ্থিক উপাৰ্জনৰ স্থায়ী সমল নথকা এক প্ৰকাৰ দৰিদ্ৰ জীৱন পাৰ কৰা নিৰঞ্জন মহন্তই লাভ কৰা এই পেঞ্চনে তেখেতক যথেষ্ট সকাহ দিব । ইটিভি ভাৰতৰ ফালৰ পৰাও বৰ্ষীয়ান শিল্পীগৰাকীৰ অনাগত জীৱন মধুময় হওক তাৰেই কামনা ।

লগতে চাওক-৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.