ETV Bharat / state

Ghost in Medical College: অসমৰ এখন চিকিৎসা মহাবিদ্যালয়ত ভূতৰ উপদ্ৰৱ ! - বজৰং অপাৰেচন

এটা ভিডিঅ’ক লৈ সমাজিক মাধ্যমত চলিছে ব্যাপক চর্চা । মেডিকেল কলেজত ভূতৰ এটি খবৰ বিয়পি পৰিছে সামাজিক মাধ্যমত । কিন্তু কিমান সঁচা মেডিকেল কলেজত ভূত থকাৰ খবৰ ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Ghost in Medical College
নগাঁও মেডিকেল কলেজত ভূত !
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:12 PM IST

নগাঁও মেডিকেল কলেজত ভূত !

নগাঁও, ২০ ছেপ্টেম্বৰ: বিগত কিছুদিন ধৰিয়েই সামাজিক মাধ্যমত এটা খবৰ ওলাইছে । ওলাইছে নগাঁও মেডিকেল কলেজত ভূতৰ খবৰ । সামাজিক মাধ্যমত ইতিমধ্যেই ভাইৰেল হৈ পৰা এটা ভিডিঅ’ক লৈ চলিছে ব্যাপক চৰ্চা । এই ভিডিঅ’টোত দেখা গৈছে কোঠাৰ ভিতৰতে থকা এটা কাঠৰ ঘোঁৰা । নিজে নিজেই লৰচৰ কৰিছে কাঠৰ ঘোঁৰাটো । নিজে নিজে চলি গৈছে এই কাঠৰ ঘোঁৰা ।

এই ভিডিঅ’ই এতিয়া খলকনি তুলিছে সামাজিক মাধ্যমত । পিছে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ কিমান সঁচা ? বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ সময়ত মেডিকেল কলেজত ভূত ওলোৱা খবৰে স্তম্ভিত কৰি তুলিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক । একাংশ দুষ্ট চক্ৰই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতি ৰাইজৰ আস্থা হ্ৰাস কৰাৰ বাবেই এই ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামীৰ ।

নগাঁও মেডিকেল কলেজৰ বিশাল চৌহদত নিশালৈকে কাম কৰিও আজি পৰ্যন্ত কোনো আচহুৱা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই বুলিও উল্লেখ কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ মিহিৰ কুমাৰ গোস্বামীয়ে ৷ চিকিৎসা মহাবিদ্যালয়খনৰ আন আন কৰ্মচাৰীয়েও এই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হোৱাৰ তথ্য বৰ্তমানলৈ তেওঁ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থাকোতে চলা বজৰং অপাৰেচনৰ সময়ত বহু নিৰপৰাধী যুৱকক আলফা সজাই হত্যা কৰি ম'হখুলিৰ এই স্থানতে পুতি থোৱা বুলিও চর্চা চলিছে । সেইসকল যুৱকৰ প্ৰেতাত্মাই এতিয়াও ম'হখুলিৰ মেডিকেল কলেজত বিচৰণ কৰে বুলি দুষ্টচক্ৰই কৰা অপপ্ৰচাৰক নস্যাৎ কৰিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । এয়া এক উৰাবাতৰি বুলি উল্লেখ কৰি এনে এনে উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ হাতযোৰ কৰি অনুৰোধ জনালে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক: Medical Colleges in Assam : স্বাস্থ্য খণ্ডৰ দুৰৱস্থা; ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ত ৪৫৬ জন চিকিৎসকৰ অভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.