ETV Bharat / state

নগাঁওত উৎখাত কেঁকো সাপৰ চোৰাং ব্যৱসায়

author img

By

Published : May 16, 2019, 7:32 PM IST

গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় কেঁকো সাপৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ এগৰাকী ব্যৱসায়ী ৷

কেঁকো সাপ

নগাঁও, 16 মেঃ গ্ৰাহকৰ ৰূপত নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ এটি চক্ৰ ৷ বৃহস্পতিবাৰে দুস্প্ৰাপ্য কেঁকো সাপসহ এগৰাকী লোকক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ চামগুৰিৰ টিংকু ৰহমান নামৰ ব্যৱসায়ীগৰাকীয়ে পাঁচলি ব্যৱসায়ীৰ ৰূপ লৈ চলাই আছিল এই ব্যৱসায় ৷ ইতিমধ্যে আৰক্ষীয়ে টিংকু ৰহমানক আটক কৰাৰ লগতে এটি দুস্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

কেঁকো সাপ

নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চলা অভিযানত এইদৰে সাফল্য লাভ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই চক্ৰৰ সৈতে আৰু অধিক লোক জড়িত থাকিব পাৰে আৰু সেইসকল লোকৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷

Intro:পাচলি বেপাৰীৰ ৰূপক কেঁকো সাপৰ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ব্যৱসায়ী। গ্ৰাহকৰ ৰূপ লৈ কেঁকোসাপ সহ এজনক আটক কৰিলে নগাওঁ আৰক্ষীয়ে।

Body:চোৰাং ব্যৱসায়ী যদি ডালে ডালে নগাওঁ আৰক্ষী পাতে পাতে। নগাঁৱত যদি পাচলি বেপাৰীৰ ৰূপ লৈছে কেঁকুসাপৰ চোৰাং ব্যৱসায়ীয়ে। তেন্তে গ্ৰাহকৰ ৰূপ লৈছে নগাওঁ আৰক্ষীয়ে। নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে অভিযান চলালে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চোৰাং কেঁকুসাপৰ ব্যবসায়ীৰ বিৰুদ্ধে। প্ৰথমে আৰক্ষী বিষয়া গৌৰৱ মহন্তই লৈছিল কেঁকুসাপৰ গ্ৰাহকৰ ৰূপ আৰু গ্ৰাহকৰ ৰূপ লৈ যোগাযোগ কৰিছিল চামগুৰিৰ টিংকু ৰহমান নামৰ এই যুৱকজনৰ সৈতে। টিংকু ৰহমানেও এটা বৃহৎ আকাৰৰ কেঁকুসাপ বিক্ৰীৰ বাবে লৈ আহিছিল পাচলি ভৰ্তি এটা মোনাত ভৰাই। বিক্ৰীৰ বাবে অনা কেঁকুসাপ দি গ্ৰাহকজনৰ পৰা টকা লৈ যাব বুলি অহা টিংকু ৰহমান অৱশেষত পৰিল আৰক্ষীৰ জালতহে। আৰক্ষীৰ দলে উৰীয়াগাঁৱৰ পৰাই টিংকু ৰহমানক আটক কৰাৰ লগতে জব্দ কৰে কেঁকুসাপটো। ধৃত টিংকু ৰহমান পূৰ্বৰ পৰাই কেঁকুসাপৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ।
bite. sp nagaon
vo. আন্তৰাষ্ট্ৰীয় বজাৰত ১২ ইঞ্চিত কৈ অধিক আকাৰৰ এটা কেঁকুসাপৰ চোৰাং বজাৰৰ মূল্য প্ৰায় ১৫ লাখ টকা। সেয়ে ধৃত টিংকু ৰহমান জড়িত আন্তৰাষ্ট্ৰীয় চক্ৰটো সমূলাঞ্চে উৎখাত কৰাৰ লক্ষ্য কৰি লৈছে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে। অধিক তথ্যৰ বাবে টিংকু ৰহমানক অব্যাহত ৰাখিছে মাৰাথান জেৰা।
bite. sp nagaon
------------------------------------ -------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৬-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.