ETV Bharat / state

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Kaziranga tourism year 2024-25: ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ । জীপ ছাফাৰীৰে আৰম্ভ হ’বলগীয়া পৰ্যটন বৰ্ষটিত হাতী ছাফাৰী যোগ হ’ব ১ নৱেম্বৰত । পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো-জা চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

Kaziranga tourism year 2024-25
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ (ETV Bharat Assam)

কাজিৰঙা,২৮ ছেপ্টেম্বৰ: বিগত বৰ্ষত পৰ্যটকৰ আগমনেৰে সমগ্ৰ দেশতে অভিলেখ ঘটা কাজিৰঙাৰ পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো-জা চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । অহা ১ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ লগে লগেই আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষ । জীপ ছাফাৰীৰে আৰম্ভ হ’বলগীয়া পৰ্যটন বৰ্ষটিত হাতী ছাফাৰী যোগ হ’ব ১ নৱেম্বৰত ।

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট-পথ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটক ফুৰাবলগীয়া জীপ চালকসকলকো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে কেইবালানিও প্ৰশিক্ষণ সমাপ্ত হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে জনোৱা অনুসৰি, অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । ১ অক্টোবৰত উদ্যানৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব ।

সেইমতে, কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙালৈকে জীপ ছাফাৰীৰ অনুমতি লাভৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত ডিফলু নদীলৈকে পৰ্যটকে ছাফাৰী কৰিব পাৰিব ৷ সঞ্চালক ড৹ ঘোষে লগতে জনোৱা অনুসৰি, চলিত বৰ্ষৰ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰিষ্কাৰ কৰাত অত্যন্ত সুন্দৰ হৈ পৰিছে । কিন্তু, বাৰিষাত উদ্যানৰ বাট-পথৰ কিছু কিছু অংশ মেৰামতি কৰিবলগীয়া হোৱাত সম্প্ৰতি আংশিকভাৱেহে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ।

বাট-পথ মেৰামতিৰ লগতে যাৱতীয় কাম-কাজ চলাই থকা উদ্যান কৰ্তৃপক্ষই কয় যে মেৰামতি সম্পূৰ্ণ হ’লেই উদ্যানখন সম্পূৰ্ণকৈ মুকলি কৰি দিয়া হ’ব । আনহাতে, ১ অক্টোবৰতেই কলিয়াবৰৰ নদী পৰ্যটনো মুকলি কৰিব উদ্যান কৰ্তৃপক্ষই । ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিবলগীয়া জীপচি বাহনসমূহৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে । তদুপৰি, চালকক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে ।

উল্লেখ্য যে, বিভিন্ন ঘটনা-পৰিঘটনা, অভিলেখ ভংগ কৰা উপাৰ্জনেৰে সামৰণি পৰিছিল কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ । দেশৰ মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ বিগত পৰ্যটন বছৰটোৰ উল্লেখযোগ্য দিশ ৰূপে গণ্য হৈছিল । বিখ্যাত ফুটবলাৰ বাইচুং ভূটীয়াৰ কাজিৰঙা দৰ্শনেও সুকীয়া মাত্ৰা প্ৰদান কৰিছিল কাজিৰঙাক ।

কাজিৰঙা ভ্ৰমণ কৰিছিল ভূটানৰ ৰজাইও । প্ৰতিদিনেই বন্যপ্ৰাণীয়ে দৰ্শনীয়ভাৱে পৰ্যটকৰ সমুখত ধৰা দিয়াৰ ৰোমাঞ্চকৰ দৃশ্য যি দৰে সুলভ হৈছিল, একেদৰেই একাধিক বাৰ গঁড়ে পৰ্যটক পৰিবাহী বাহনলৈ চোঁচা লোমহৰ্ষক ঘটনাও সংঘটিত হৈছিল । ইয়াৰ লগতে বিগত পৰ্যটন বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হৈছিল মাটি গাহৰি, দীঘল নেজীয়া নিগনিৰ দৰে কেইবা বিধো বন্যপ্ৰাণী ।

চৰকাৰী তথ্য মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৩-২৪ পৰ্যটন বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে বিগত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল বুলি ইতিমধ্যেই কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যলয়ে দিয়া তথ্য প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে ২৮ বছৰৰ আগতে ১৯৯৬-৯৭ বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকক সংখ্যা আছিল ১৮,৩৮২ জন । ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ।

এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ৷লক্ষণীয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল । যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় । ২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিছতেই কাজিৰঙাৰ পৰ্যটন বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয় ।

এই পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পাণবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-নাচ’, পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও বিগত পৰ্যটন বৰ্ষতে আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক: ১ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - Kaziranga National Park

বিশ্ব গঁড় দিৱস; কাজিৰঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ - World Rhino Day 2024

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.