ETV Bharat / state

যুৱক-যুৱতীৰ আলফা গমনৰ বাবে কাক জগৰীয়া কৰিলে গৌৰৱ গগৈয়ে ? - নিবনুৱা সমস্যা বৃদ্ধি

কলিয়াবৰত সামগ্ৰীক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপত সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া (Gaurav Gogoi on current scenario of Assam) ৷ এচাম যুৱকৰ আলফাত যোগদান, ৰিপুণ বৰাৰ দলত্যাগ পুৰণি বিজেপিসকলৰ স্থিতি আদিকলৈ মন্তব্য সাংসদ গৰাকীৰ ৷

gaurav gogoi on youth joining ulfai
যুৱক-যুৱতীৰ আলফা গমনৰ বাবে কাক জগৰীয়া কৰিলে গৌৰৱ গগৈয়ে ?
author img

By

Published : Apr 21, 2022, 11:32 PM IST

কলিয়াবৰ, 21 এপ্ৰিল : নিবনুৱা সমস্যা বৃদ্ধিৰ বাবে নতুন প্ৰজন্মৰ একাংশ আলফামুখী হৈছে (youth joining ULFA), এই মন্তব‍্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ । আলফাত যোগদান প্ৰসংগত মন্তব্য কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাখনৰ কাম-কাজত অসন্তুষ্ট হৈয়ে একাংশ অসমীয়া যুৱকে হাতত বন্দুক ল'বলৈ আগবাঢ়িছে বুলিও কয় তেওঁ । এনে অশুভ পৰম্পৰা কংগ্ৰেছৰ চৰকাৰ দিনত শেষ হৈছিল যদিও ই পুনৰ মূৰ দাঙি উঠাটো পৰিতাপৰ বিষয় বুলি সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্তব‍্য কৰে সাংসদ গৰাকীয়ে ।

আনহাতে, যধে-মধে এনকাউণ্টাৰক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়, অসম আৰক্ষীক বিজেপিৰ শাখা হিচাপে নহয়, আৰক্ষীক আৰক্ষীক হিচাপে থাকিবলৈ দিব লাগে । তদুপৰি, একাংশ নেতাই কংগ্ৰেছ দল ত্যাগ কৰা সম্পৰ্কতো বিজেপি দলক আক্ৰমণ কৰি তেওঁ ক'লে বিজেপিৰ ভিতৰহে লবীৰ ৰাজনীতি আছে (Lobbying in BJP) । পুৰণি বিজেপিসকলক দলৰ পৰা এলাগী কৰিছে, পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ন-বিজেপিসকল ।

যুৱক-যুৱতীৰ আলফা গমনৰ বাবে কাক জগৰীয়া কৰিলে গৌৰৱ গগৈয়ে ?

ৰিপুণ বৰাৰ দলত্যাগ (Ripun Bora's resign from congress) সম্পৰ্কতো মন্তব্য কৰি তেওঁ কয় যে, নতুন নেতৃত্ব সৃষ্টিৰ সুযোগ দিছে বৰাই ।

উল্লেখ‍্য যে, কলিয়াবৰত প্ৰাক্তন সৈনিক সমিতিৰ সামূহিক ভৱন চৌহদৰ দেৱালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ অংশগ্ৰহণ কৰে । এই আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি দাৰিগজিস্থিত প্ৰাক্তন সৈনিক সকলৰ স্থায়ী সামুহিক ভৱনত অনুষ্ঠিত হয় এখন সভা । এই সভাত কলিয়াবৰৰ প্ৰাক্তন সৈনিক সকলৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ।

লগতে পঢ়ক : সামৰিক পোচাকত আহি ব্যৱসায়ীক ধন দাবী যুৱকৰ; পৰিচয় দিলে আলফা বুলি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.