ETV Bharat / state

কলিয়াবৰ গাঁও পঞ্চায়তত প্ৰতিনিধি-সচিবৰ খণ্ডযুদ্ধ

author img

By

Published : Jul 10, 2020, 2:23 AM IST

কলিয়াবৰত গাঁও পঞ্চায়তৰ কাৰ্য‍ালয়ত খণ্ডযুদ্ধৰ সূত্ৰপাত ৷ বৰভগীয়া কাৰ্য‍ালয়ত জিলা পৰিষদৰ সদস‍্যৰ সৈতে হতাহতি সচিবৰ ৷ ইতিমধ্যে দুই পক্ষই মিছা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷

কলিয়াবৰ গাঁও পঞ্চায়তত প্ৰতিনিধিৰে সচিবৰ খণ্ডযুদ্ধ

কলিয়াবৰ, 9 জুলাই : পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍ালয়ত পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ মাজত খণ্ডযুদ্ধৰ ঘটনা সংঘটিত হৈছে । কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু চতিয়াল-বৰভগীয়া জিলা পৰিষদৰ সদস‍্যা ইৰা বৰাৰ স্বামী মৃণাল বৰাৰ মাজত বুধবাৰে বিয়লি এক খণ্ডযুদ্ধৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, বৰভগীয়া গাঁও পঞ্চায়তৰ বিজেপি দলৰ নিৰ্বাচিত সভানেত্ৰী পবিত্ৰা বৰা প্ৰমুখ‍্যে পঞ্চায়ত প্ৰতিনিধিসকলক একপ্ৰকাৰ গুৰুত্ববিহীন কৰি পঞ্চায়ত সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি উন্নয়নমূলক কাম-কাজ কৰিবলৈ লোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া । সচিবগৰাকীৰ বিৰুদ্ধে সভানেত্ৰীয়ে ইতিমধ্যে বহুবাৰ ঊৰ্ধতন মহলত অভিযোগ উত্থাপন কৰিছে । কিন্তু ঊৰ্ধতন মহলে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সচিবগৰাকীৰ মইমতালি দিনে-দিনে বাঢ়ি আহিছে ।

ইয়াৰোপৰি, কাৰ্য‍ালয় চলি থকাৰ সময়ত সচিবগৰাকীয়ে প্ৰায়েই সভানেত্ৰীৰ অগোচৰে নিজৰ পছন্দৰ ব‍্যক্তিৰ সৈতে প্ৰীতিভোজৰ আয়োজন কৰে বুলিও আন এক অভিযোগ উত্থাপন কৰে জীতেন গড়ে । ইয়াকে লৈ বুধবাৰে দুয়োপক্ষৰ মাজত চলি থকা শীতল যুদ্ধ শেষলৈ তৰ্কা-তৰ্কি আৰু হতাহতিলৈ ৰূপান্তৰিত হয় ।

জীতেন গড়ৰ অভিযোগ অনুসৰি, কাৰ্য‍ালয় চলি থকাৰ সময়তে বুধবাৰে ভোজ-ভাতৰ আয়োজন চলি থকাৰ সময়তে উন্নয়নমূলক আঁচনিৰ বিষয়ৰ ওপৰত আলোচনা কৰি বিষয়টো মীমাংসা সন্দৰ্ভত সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে গুৰুত্ব নিদিয়াৰ ফলত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই আলোচনাৰ মাজতে সচিবগৰাকীক কাৰ্য‍ালয় এৰি যাবলৈ বাধা দিওতে জীতেন গড়ক তেওঁ গাড়ীৰে খুন্দিয়াই আঘাত কৰে । তাৰপিছতে তাত উপস্থিত থকা বিজেপি দলৰ কৰ্মীয়ে সচিব হৰ্ক বাহাদুৰক গাড়ীৰ পৰা নমাই আনি উত্তম-মধ‍্যম সোধায় । জীতেন গড়ে ইতিমধ‍্যে মিছা আৰক্ষী চকীত সচিবগৰাকীৰ বিৰুদ্ধে প্ৰাণে মৰাৰ অপচেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে । লগতে তেওঁ সচিবগৰাকীৰ বিৰুদ্ধে বিহিত ব‍্যৱস্থা ল'বলৈ চৰকাৰক অনুৰোধ জানাইছে ৷

আনহাতে, সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে জানিবলৈ দিয়া মতে, বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাই পঞ্চায়তটোৰ সকলো উন্নয়নমূলক কামৰ ঠিকা তেওঁৰ আত্মীয়ক দি একপ্ৰকাৰ লুণ্ঠন অব‍্যাহত ৰাখিছে । পূৰ্বে সভানেত্ৰীগৰাকীয়ে নিজ পছন্দৰ ব‍্যক্তিক ঠিকাসমূহত নিয়োগ কৰিছিল । বুধবাৰে পঞ্চায়ত কাৰ্য‍ালয়ত চাউল বিতৰণ কৰি থকাৰ সময়তে চাউল বিতৰণকাৰীসকলে একেলগ হৈ এক ভোজ-ভাতৰ আয়োজন কৰিছিল য'ত পশ্চিম কলিয়াবৰৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া লীনা পাৱেও উপস্থিত থাকে ।

কিন্তু সভানেত্ৰী পবিত্ৰা বৰাই কাৰ্য‍ালয়ত ভোজ-ভাতৰ আয়োজনক লৈ খৰ্গহস্ত হৈ জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু বিজেপিৰ দলীয় কৰ্মী মৃণাল বৰাক মাতি আনি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে । এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ নিজ গাড়ীৰে কাৰ্য‍ালয়ৰ পৰা যাব বিচাৰোতে মৃণাল বৰা আৰু জীতেন গড়ে বাধা দি গাড়ীৰ পৰা নমাই আনি মাৰ-ধৰ কৰে বুলি সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে অভিযোগ উত্থাপন কৰে । ইতিমধ‍্যে হৰ্ক বাহাদুৰ ছেত্ৰীয়েও ঘটনাৰ উচিত তদন্ত বিচাৰি মিছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । ইয়াৰ লগতে তেওঁ সদৌ অসম পঞ্চায়ত সচিব সন্থাৰ ওচৰতো অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক : অখিল গগৈসহ অন্যান্য নেতাসকলক উন্নত চিকিৎসা প্ৰদান দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.