ETV Bharat / state

Free Bicycle Distribution : কলিয়াবৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান অনুষ্ঠান - কেশৱ মহন্ত

কলিয়াবৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ ৷ অংশগ্ৰহণ কৰে ৰাজ‍্যৰ স্বাস্থ‍্য আৰু পৰিয়াল কল‍্যাণ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই ৷

Bicycle Distribution Programme for Class IX
কলিয়াবৰ বিধানসভা সমষ্টিত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 4:45 PM IST

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ

কলিয়াবৰ, 18 অক্টোবৰ : কলিয়াবৰ বিধানসভা সমষ্টিত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ ৷ বুধবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ‍্যৰ স্বাস্থ‍্য আৰু পৰিয়াল কল‍্যাণ তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই ৷ কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত সমষ্টিটোৰ ২৫ খন বিদ‍্যালয়ৰ মুঠ ২,৬৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত চাইকেল বিতৰণ কৰা হয় ৷

কঙালী বিহুৰ দিনাই মন্ত্ৰীগৰাকীয়ে চাইকেল বিতৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলক কয় যে, পূৰ্বে কৃতকাৰ্য‍ হোৱাৰ পাচতহে উচ্চ আৰু উচ্চতৰ মাধ‍্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হৈছিল ৷ কিন্ত অসমৰ মুখ‍্যমন্ত্ৰীৰ বিশেষ আগ্ৰহত এইবেলি নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগতে ছাত্ৰকো বিনামূলীয়া চাইকেল বিতৰণ কৰা হৈছে ৷ কৃতকাৰ্য‍ হোৱাৰ পাছত শুভেচ্ছা জনোৱাৰ পূৰ্বেই যাতে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসাহিত কৰা হয় সেই ক্ষেত্ৰত অসমৰ মুখ‍্যমন্ত্ৰীয়ে এই পৰিকল্পনা হাতত লৈছে, যিটো অসমত ইতিমধ‍্যে আৰম্ভ হৈছে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, কলিয়াবৰতো এই কাৰ্য‍সূচী হাতত লোৱা হৈছে ৷ উন্নত দেশসমূহত চাইকেলৰ সমাদৰ এতিয়াও আছে ৷ স্বাস্থ‍্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশৰ ক্ষতি নকৰে চাইকেলে ৷ অৰ্থৰো হানি নহয় ৷ বিশ্বৰ উন্নত দেশৰ দৰে অসমৰ ভাৰতীয় প্ৰয়োগিক প্ৰতিষ্ঠানৰ চৌহদত ছাত্ৰ-শিক্ষক সকলোৱে চাইকেল চলাই বুলি কয় তেওঁ ৷

এই বিশেষ কাৰ্যসূচীত সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ‍্য যে, অসম চৰকাৰে ৰাজ্যজুৰি ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৩.৬৯ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ আঁচনি গ্ৰহণ কৰিছে ৷ বুধবাৰে অনুষ্ঠিত হোৱা এই সভাত কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ, ২৫ খন বিদ‍্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, গণ‍্য-মান‍্য ব‍্যক্তি তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

উল্লেখ্য যে, “শিক্ষাৰ্থীৰ কল্যাণ চৰকাৰৰ দায়বদ্ধতা জ্ঞান অন্বেষণৰ সুগম হ’ব যাত্ৰা” এই শ্ল’গানেৰে শুকুৰবাৰে ৰাজ্যজুৰি আৰম্ভ হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল প্ৰদান অনুষ্ঠান ৷

লগতে পঢ়ক : Zoo Road Flyover: পূজাৰ উপহাৰ ! মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.