ETV Bharat / state

কল্যাণকামী আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক অশোক শৰ্মাৰ - আধাৰশিলা স্থাপন

নলবাৰীৰ বিধায়ক অশোক শৰ্মাই দেওবাৰে জিলাখনত বহুকেইখন কল্যাণকামী আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ লগতে অংশগ্ৰহণ কৰে এক দলীয় সভাত ৷

Foundation stone program of mla ashok sarma nalbari assam etv bharat news
আধাৰশিলা স্থাপন বিধায়ক অশোক শৰ্মাৰ
author img

By

Published : Nov 8, 2020, 8:37 PM IST

নলবাৰী,8 নৱেম্বৰ: নিৰ্বাচন চমু চপা মানেই যেন আধাৰশিলা স্থাপনৰ ৰাজনীতি ৷ ৰাজ্যৰ অধিকাংশ জন প্ৰতিনিধিয়ে নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে স্থাপন কৰে এটাৰ পিছত আনটো আধাৰশিলা ৷ এইবেলিও নহ’ল ব্যতিক্ৰম ৷ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো দেখা যায় বিধায়ক অশোক শৰ্মাই দেওবাৰৰ দিনটোত জিলাখনত কেইবাখনো কল্যাণকামী কামৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়কগৰাকীয়ে জিলাখনৰ 2 নং খাতা গাঁও পঞ্চায়তৰ অধীনত এই আধাৰশিলাসমূহ স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ বাবে অঞ্চলটোলৈ অহা বিধায়কগৰাকীক এক বাইক ৰেলীয়ে আদৰি আনে ৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক প্ৰায়বোৰ স্বাস্থ্যজনিত পৰামৰ্শ আগবঢ়োৱাৰ লগতে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগেও ৰাইজৰ সুৰক্ষাৰ্থে সময়ে সময়ে পথ সজাগতামূলক বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে ৷ কিন্তু দুখৰ বিষয় যে, জন প্ৰতিনিধিগৰাকীক আদৰি অনা বাইক ৰেলীটোৰ প্ৰায়ভাগ অংশগ্ৰহণকাৰীকে কিন্তু হেলমেট অবিহনেই এই ৰেলীত অংশগ্ৰহণ কৰা দেখা যায় ৷ তদুপৰি ক‘ভিড 19 ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অধিকাংশ ব্যক্তিকে দেখা গ’ল মাস্ক পৰিধান নকৰা ৷ স্বাস্থ্যমন্ত্ৰী নিৰ্দেশনা অনুযায়ী শীতৰ আগমনৰ লগে লগে ক’ভিড 19 ৰ সংক্ৰমণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা অধিক ৷ কিন্তু ৰাইজ বাদেই, স্বাস্থ্য মন্ত্ৰী গৰাকীৰ এনে নিৰ্দেশনাক ভ্ৰুক্ষেপে নকৰিলে বিধায়ক অশোক শৰ্মাৰ সাংগো-পাংগসকলে ৷ উপস্থিত ৰাইজেও মাস্ক পৰিধান কৰিছিল যদিও নামানিলে কোনো সামাজিক দুৰত্ব ৷

আধাৰশিলা স্থাপন বিধায়ক অশোক শৰ্মাৰ

ইয়াৰ পিছতে নলবাৰীৰ বিধায়কগৰাকীয়ে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰীবালিলেচা দেৱালয়ত অনুষ্ঠিত এক দলীয় সভাত ৷ উক্ত সভাত বহুকেইগৰাকী লোকে বিজেপিৰ দ্বাৰা আকৃষ্ট হৈ দলটোত যোগদান কৰে ৷ বিধায়ক অশোক শৰ্মাই বৰ্তমানৰ দৰে পৰৱৰ্তী নিৰ্বাচনতো দলটোৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত জয় লাভ কৰিব বুলি দাবী কৰে ৷ বিধায়কগৰাকীক এই কাৰ্যসূচীত সংগ প্ৰদান কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে বহুকেইগৰাকী পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কৰ্মীসকলে ৷

লগতে চাওকঃ ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.