ETV Bharat / state

Abdul Aziz slams Badaruddin Ajmal: অসমৰ ৰাজনীতিৰ পৰা আজমলক বিদায় দিবলৈ আহ্বান প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:03 PM IST

Updated : Oct 25, 2023, 3:24 PM IST

অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকক লৈ এখন ৰাজহুৱা সভাত মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল । এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ । বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ আহ্বান জনাইছে আব্দুল আজিজে ।

Abdul Aziz slams Badaruddin Ajmal
অসমৰ ৰাজনীতিৰ পৰা আজমলক বিদায় দিবলৈ আহ্বান প্ৰাক্তন বিধায়কৰ

নগাঁও, 25 অক্টোবৰ: সাংসদ বদৰুদ্দিন আজমলৰ এটা মন্তব্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ । বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ আহ্বান জনাইছে আব্দুল আজিজে । বুধবাৰে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি আজমলৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে নেতাগৰাকীয়ে ৷

অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকক লৈ এখন ৰাজহুৱা সভাত মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল । মুছলমান সম্প্ৰদায়ত অপৰাধীৰ সংখ্যা অধিক বুলি আজমলে মন্তব্য কৰাৰ লগতে ৰাজহুৱা সভাত কৰাৰ লগতে আন কেবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল ।

সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ পিচতেই বিশেষকৈ অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে বুধবাৰে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ ।

আব্দুল আজিজে কয় যে, সংখ্যালঘু সম্প্ৰদায়ৰ লোকক বদৰুদ্দিন আজমলে অপমান কৰিছে ৷ অসমৰ ৰাজনীতিৰ পৰা বদৰুদ্দিন আজমলক বিদায় দিবলৈ অসমৰ ৰাইজক আহ্বান জনায় আব্দুল আজিজে ।

লগতে আনৰ ছোৱালী দেখিলে মুছলমান সম্প্ৰদায়ৰ যুৱকৰ তেজ গৰম হোৱা বুলিও আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আব্দুল আজিজে । এই প্ৰসংগত প্ৰত্যেক বস্তুৱেই তেওঁৰ আচলৰ পিনে ঢাল খাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ লগতে বদৰুদ্দিন আজমল সংখ্যালঘু জনসাধাৰণৰ অভিভাৱক নহয় বুলিও মন্তব্য কৰে সংখ্যালঘু নেতাগৰাকীয়ে । আনকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈয়ো আহ্বান জনায় আব্দুল আজিজে । অসমৰ মুছলমানসকল খাটি খোৱাতহে এক নম্বৰ বুলিও মন্তব্য কৰে আব্দুল আজিজে ।

লগতে পঢ়ক:Road accident: উত্তৰাখণ্ডৰ কালি নদীত বাহন বাগৰি 6 জনৰ মৃত্য

Last Updated : Oct 25, 2023, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.