ETV Bharat / state

ৰহাত প্ৰাক্তন কংগ্ৰেছ নেতাক দলৱদ্ধভাৱে আক্ৰমণৰ অভিযোগ - প্ৰাক্তন কংগ্ৰেছ নেতাক আক্ৰমণ

শনিবাৰে নিশা ৰহাত ভয়ংকৰ মাৰপিট । নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি দীপ দাসক পিছফালৰ পৰা কোনো লোকে আঘাত কৰাৰ অভিযোগ উত্থাপন ৷ ঘটনাত কংগ্ৰেছ নেতা তথা একালৰ দলীয় সতীৰ্থ শশীকান্ত দাস জড়িত বুলি অভিযোগ তোলে দীপ দাসে ৷

former-congress-leader-attacked
ৰহাত প্ৰাক্তন কংগ্ৰেছ নেতাক দলৱদ্ধ আক্ৰমণ
author img

By

Published : May 10, 2021, 1:52 PM IST

ৰহা, 10 মে’: নগাঁও জিলাৰ ৰহাত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । এই মাৰপিটৰ ঘটনাত নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি দীপ দাস গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হয় ।

অভিযোগ অনুসৰি, প্ৰাক্তন কংগ্ৰেছ নেতা দীপ দাসে শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা দলীয় টিকট বিচাৰিছিল যদিও টিকটৰ পৰা বঞ্চিত হৈছিল । ফলত খং আৰু ক্ষোভত কংগ্ৰেছৰ পৰা দল ত্যাগ কৰি শেহতীয়াকৈ নিজৰ ফেচবুক একাউণ্টযোগে এটি প’ষ্ট প্ৰেৰণ কৰিছিল ।

শশীকান্ত দাসৰ মন্তব্য

দীপ দাসৰ অভিযোগ অনুসৰি, প’ষ্টক লৈ কংগ্ৰেছ নেতা তথা একালৰ দলীয় সতীৰ্থ শশীকান্ত দাসে নিশা আহি ৰহা খাইগড়ৰ বাসভৱনত উপস্থিত হৈ বাৰ্তালাপ কৰি থকাৰ সময়তে পিছফালৰ পৰা কোনো লোকে দীপ দাসৰ মূৰত আঘাত কৰে । ইয়াৰ পাচতেই বিধায়কগৰাকীৰ লগত অহা একাংশ যুৱকে দীপ দাসৰ ওপৰত কাঠ,বাঁহ আদিৰে আক্ৰমণ কৰি তেওঁক গুৰুতৰভাৱে আঘাত কৰে । নিশাই দীপ দাসক নগাঁৱলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷

দীপ দাসৰ মন্তব্য

ঘটনাৰ সন্দৰ্ভত দীপ দাসৰ মাতৃ ডিম্বেশ্বৰী দাসে দেওবাৰে ৰহা আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰত ৰহা আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান কৰি সোধপোচৰ বাবে আটক কৰে চাৰিজন যুৱকক । আনহাতে, এই মাৰপিট ঘটনাত বৰ্তমানৰ বিধায়কগৰাকী জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ পাচতেই এই ঘটনা এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলিহে মন্তব্য কৰে ।

বিধায়ক গৰাকীয়ে এই ঘটনাত মিছাতে নাম সাঙুৰি অনাৰ লগতে যদিহে এই ঘটনাত দলীয় কৰ্মী জড়িত আছে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে, বিগত ২ মে’ৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা শশীকান্ত দাসে বিধায়ক ৰূপে শপত নলওঁতে এনে বিতৰ্কত নাম সাঙোৰ খাই পৰাত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : কৰিমগঞ্জৰ ক'ভিড চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.