ৰূপহীহাট,12আগষ্টঃ বুঢ়াচাপৰি অভয়াৰণ্যত একেটা মাহতে এটা পহুৰ লগতে এটা বনৰীয়া ম’হ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । বুঢ়াচাপৰি অভয়াৰন্যত এফালে বান , আনফালে ৮ জন বন কৰ্মীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চোৰাং চিকাৰীয়ে ।
সোমবাৰে নিশা বুঢ়াচাপৰি অভয়াৰণ্যৰ বাটলি চাপৰিৰ নতুন চৰত বনৰীয়া ম'হ এটাক ফন্দি পাতি হত্যা কৰাৰ চেষ্টা কৰে চোৰাং চিকাৰীয়ে । ইপিনে চোৰং চিকাৰীয়ে বনৰীয়া ম'হ টোক ফন্দিত আবদ্ধ কৰি ৰখাৰ খৱৰ লাভ কৰি বন বিভাগে ঘটনাস্থলীত উপস্থিত হয় যদিও উপযুক্ত চিকিৎসাৰ অভাৱত ফন্দিত আবদ্ধ হৈ থকা ম’হটোৰ বন বিভাগৰ বিষয়া-কৰ্মীৰ সন্মুখতে মৃত্যু হয়।
আনহাতে বুধবাৰে ঘটনাস্থলীত বন বিভাগৰ উচ্চ পদস্থ বিষয়াই বৃহৎ বন কৰ্মীৰ দল লৈ ৰাতি পুৱা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৷ অভিযানকালত আতাবুৰ ৰহমান নামৰ এটা চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও চোৰাং চিকাৰীৰ দলটোৰ বাকিকেইটা সদস্য পলাই যাবলৈ সক্ষম হয় । ইপিনে ইতিমধ্যে বন বিভাগে মৃত ম'হ টোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ নগাঁৱত চৰকাৰী দোকান গৃহ নিৰ্মাণক লৈ দুৰ্নীতিৰ অভিযোগ