ETV Bharat / state

Tourists gather at Kaliabor : কলিয়াবৰত উপস্থিত হেন্‌ৰী ষ্টেডমেন কটনৰ আজু নাতি

author img

By

Published : Mar 6, 2023, 11:15 AM IST

অসমৰ সৌন্দৰ্য উপভোগ কৰি আত্মহাৰা হৈ পৰিছে পৰ্যটকৰ এটা দল (Tourists gather in Assam) ৷ প্ৰায় 25 জনীয়া পৰ্যটকৰ দলটোৱে অসমৰ ভিন্ন ঠাই পৰিভ্ৰমণ কৰি শনিবাৰে উপস্থিত হয় কলিয়াবৰৰ শিলঘাটত (Foreigner tourists gather at Kaliabor) ৷

Foreigner tourists gather at Kaliabor in Nagaon
কলিয়াবৰৰ শিলঘাটত উপস্থিত ইউৰোপীয় পৰ্যটক

কলিয়াবৰ, 6 মাৰ্চ : ক্ৰমাৎ বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে নগাঁও জিলাৰ কলিয়াবৰ । অসমৰ পৰ্যটন বৰ্ষটোত বহু বিদেশী পৰ্যটক মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বিলাসী জাহাজত আহি শিলঘাটত নামি পৰিদৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । লগতে ব্ৰিটিছে পতা শিলঘাটৰ ঐতিহাসিক সমলসমূহো পৰিদৰ্শন কৰে ।

শেহতীয়াকৈ শিলঘাটত উপস্থিত হয় এটি বিদেশী পৰ্যটকৰ দল (Foreigner tourists gather at Kaliabor) । দলটোৰ জ্যেষ্ঠ-কনিষ্ঠ সকলোৱেই চাহ বাগিচাৰ শিশুৰ সৈতে ৰং ধেমালি কৰি আত্মবিভোৰ হৈ পৰে । আনকি কান্ধত ঢোল, হাতত তাল লৈ চাহ বাগিচাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বিহু নাচি আত্মাহাৰা হৈ পৰে ইউৰোপীয়ান পৰ্যটক দলটিৰ সদস্যসকল ।

এই পৰ্যটকসকলৰ মাজতে আছে এজন বিশেষ ব্যক্তি । যাৰ অসমৰ সৈতে পূৰ্বৰে পৰা আছে এক বিশেষ সংযোগ ৷ তেওঁ হ’ল অসমৰ উচ্চ শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান কটন কলেজৰ প্ৰতিষ্ঠাতা ছাৰ হেন্‌ৰী কটনৰ আজু নাতি (Great Grandson of Henry Cotton in Assam) । ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানীন্তন চীফ কমিছনাৰ ছাৰ হেন্‌ৰী ষ্টেডমেন কটনে 1901 চনৰ 27 মে’ত কটন কলেজৰ আৰম্ভণি কৰিছিল ৷

প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা সেই বৰঙণিৰ বাবেই তেখেতৰ নামেৰে শিক্ষা প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল । অৱশ্যে কনিষ্ঠ কটনে পূৰ্বৰ 2011 কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ 2017 চনত কটন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বিষয়টো তেওঁ জ্ঞাত বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

বেলজিয়ান পত্নীৰে সৈতে অসমলৈ আহি আজু ককাকৰ স্মৃতি বিজড়িত শিক্ষা প্ৰতিষ্ঠানটি চাবলৈ এতিয়া তেওঁ অধিক ব্যগ্ৰ হৈ পৰিছে । ঘৰলৈ উভতি যোৱাৰ সময়ত এবাৰ হ’লেও পৰিদৰ্শন কৰি যাব আজু ককাকে প্ৰতিষ্ঠা কৰা কটন কলেজ অৰ্থাৎ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় ৷

উল্লেখ্য যে, শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে আহি ব্ৰিটিছে পতা কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয় ইংলেণ্ড, ফ্ৰাঞ্চ, বেলজিয়ামৰ বহু পৰ্যটক ৷ পৰ্যটকসকলক বিহু নৃত্যৰে আদৰণি জনোৱা হয় । চাহ পৰ্যটন ক্ষেত্ৰৰ শোভা বিচাৰি 1840 চনত ব্ৰিটিছ ডানল’প কোম্পানীয়ে স্থাপন কৰা কলিয়াবৰ চাহ বাগিচা পৰিদৰ্শন কৰি আপ্লুত হোৱাৰ লগতে কলিয়াবৰৰ মনোমোহা পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আনন্দিত হৈ পৰে প্ৰায় 25 জনীয়া পৰ্যটকৰ দলটো ।

লগতে পঢ়ক : Guwahati double murder update: নাৰেংগী আৰু চানমাৰিত দিল্লীৰ ফৰেন্সিকৰ দলৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.