ৰূপহীহাট,10 মাৰ্চ: ৰূপহীহাটৰ জুৰীয়াত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে বুধবাৰে সন্ধিয়া জব্দ কৰে বৃহৎ পৰিমাণৰ ধন ৷ জব্দ কৰা ধনৰ পৰিমাণ 1 লাখ 20 হাজাৰ টকা বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ৷
উল্লেখ্য যে, ফ্লায়িং স্কোৱাড আৰু জুৰীয়া আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এই টকাখিনি জব্দ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি মোবাৰক হুছেইন আৰু ওমৰ ফাৰুক নামৰ দুজন লোকে এখন বাইকেৰে লৈ আহিছিল এই টকাখিনি ৷ জুৰীয়া শিঙাৰী চাৰিআলিত জব্দ কৰা হয় টকাখিনি ৷ কি কাৰণত লোক দুজনে বৃহৎ পৰিমাণ ধন এইদৰে লৈ আহিছিল সেই কথা জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা