ETV Bharat / state

কলিয়াবৰত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল হৰিণা - জীৱকূল

যান-বাহনৰ অনিয়ন্ত্ৰিত গতিয়ে জীৱকূললৈ ভাবুকি কঢ়িয়াই আনিছে । দেওবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় পথৰ যান-বাহনৰ বাবে "টাইম-কাৰ্ড"ৰ ব্যৱস্থা কৰা হৈছে ।

কলিয়াবৰত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল হৰিণা
author img

By

Published : Jul 14, 2019, 2:09 PM IST

কলিয়াবৰ, ১৪ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত । বিভাগীয় সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ প্ৰায় নব্বৈ শতাংশ বানত বুৰ গৈছে । যাৰ ফলস্বৰূপে জীৱকূলৰ বিদাই-বিপত্তিৰ সীমা নোহোৱা হৈছে ।

জীৱ-জন্তু সমূহে ৰাষ্ট্ৰীয় উদ্যানৰ "হাই-লেণ্ড"সমূহ পৰ্যাপ্ত নোহোৱাত বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ কাৰ্বি আংলঙৰ উচ্চ ভূমিলৈ ঢাপলি মেলিছে । কিন্তু ৰাষ্ট্ৰীয় পথ পাৰ হওতে জীৱ-জন্তু সমূহৰ নিৰাপত্তা বিঘ্নিত কৰিছে ৰাষ্ট্ৰীয় পথত চলাচল কৰা যান-বাহনবোৰে । মূলত বন বিভাগৰ "টাইম-কাৰ্ড"ৰ ব্যৱস্থা প্ৰৱৰ্তনত বিলম্ব আৰু যান-বাহনৰ অনিয়ন্ত্ৰিত গতিয়ে জীৱকূললৈ ভাবুকি কঢ়িয়াই আনিছে । তেনে সময়তে আজি পুৱা ইটিভি ভাৰতৰ সাংবাদিকৰ কেমেৰাৰ সমুখতে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে এটা পহু । ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হ'বলৈ পহুটো কথমপি ৰক্ষা পৰিল ট্ৰাকৰ খুন্দাৰ পৰা । সেয়ে শেহতীয়াকৈ বন বিভাগে আজি বিয়লিৰে পৰা যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে "টাইম-কাৰ্ড"ৰ ব্যৱস্থা কৰিছে। তৎস্বত্বেও চালকৰ সচেতনতাৰ অভাৱে নিৰীহ জীৱ-জন্তুলৈ বিপদ মাতি আনিব পাৰে। সেয়ে যান-বাহনৰ চালক সকলক ৰাষ্ট্ৰীয় উদ্যান এলেকাত নিয়ন্ত্ৰিত গতিৰ লগতে সচেতন হৈ বাহন সমূহ চলাবলৈ অনুৰোধ জনাইছে ।

Intro:কেমেৰাৰ সমুখতে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল হৰিণা পহু

যান-বাহনৰ অনিয়ন্ত্ৰিত গতিয়ে জীৱকূললৈ ভাবুকি কঢ়িয়াই আনিছে

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান এলেকাত ৰাষ্ট্ৰীয় পথৰ যান-বাহনৰ বাবে "টাইম-কাৰ্ড"ৰ ব‍্যৱস্থাBody:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান বৰ্তমান ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত। বিভাগীয় সূত্ৰ মতে ৰাষ্ট্ৰীয় উদ‍্যান এলেকাৰ প্ৰায় নব্বৈ শতাংশ বানৰ তলত। ফলস্বৰূপে জীৱকূলৰ বিদাই-বিপত্তিৰ সীমা নোহোৱা হৈছ। ৰাষ্ট্ৰীয় উদ‍্যানৰ "হাই-লেণ্ড"সমূহ পৰ্যাপ্ত নোহোৱাত বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি আংলঙৰ উচ্চ ভূমিলৈ ঢাপলি মেলিছে। কিন্তু ৰাষ্ট্ৰীয় ফথ পাৰ হওতে জীৱ-জন্তুসমূহৰ নিৰাপত্তা বিঘ্নিত হৈছে যান-বাহনবোৰে। মূলত
বন বিভাগৰ "টাইম-কাৰ্ড"ৰ ব‍্যৱস্থা প্ৰৱৰ্তনত বিলম্ব আৰু যান-বাহনৰ অনিয়ন্ত্ৰিত গতিয়ে জীৱকূললৈ ভাবুকি কঢ়িয়াই আনিছে।
আজি পুৱা ই টিভি সাংবাদিকৰ কেমেৰাৰ সমুখতে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল পহু। ৩৭ নং ৰা: প: পাৰ হ'বলৈ লোৱা এটা পহু কথমপি ৰক্ষা পৰিল ট্ৰাকৰ খুন্দাৰ পৰা।
শেহতীয়াকৈ বন বিভাগে আজি বিয়লিৰে পৰা যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে "টাইম-কাৰ্ড"ৰ ব‍্যৱস্থা কৰিছে। তৎস্বত্বেও চালকৰ সচেতনতাৰ অভাৱে নিৰীহ জীৱ-জন্তুলৈ বিপদ মাতি আনিব পাৰে। সেয়ে যান-বাহনৰ চালকসকলক ৰাষ্ট্ৰীয় উদ‍্যান এলেকাত নিয়ন্ত্ৰিত গতিৰ লগতে সচেতন হৈ বাহনসমূহ চলাবলৈ অনুৰোধ জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.