ETV Bharat / state

বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে - বানপানী

বানত ধুই লৈ গ'ল নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ বাদ পৰি ৰোৱা নাই চাৰি নং বগামুখ প্ৰাথমিক বিদ্যালয়ো ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তচনচ কৰি থৈ গ'ল গাঁওখনৰ লগতে বিদ্যালয়খন ।

বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে
author img

By

Published : Jul 23, 2019, 2:37 PM IST

নগাঁও, 23 জুলাই : বানত ধুই লৈ গ'ল নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল ৷ বাদ পৰি ৰোৱা নাই চাৰি নং বগামুখ প্ৰাথমিক বিদ্যালয়ো ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তচনচ কৰি থৈ গ'ল গাঁওখনৰ লগতে বিদ্যালয়খন। ইতিমধ্যে লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন ৷ বিদ্যালয় কৰ্তৃপক্ষই খুলি নিছে বিদ্যালয়খনৰ টিন-আচবাব আদি। ফলত অনিশ্চয়তাৰ দিশে গতি কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ৷ ইপিনে লুইতে ধু্​ই নিয়া অঞ্চলটোৰ ৰাইজে ঘৰ-বাৰী হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে ৷ এসময়ত কৃষি কৰ্মৰে স্বচ্ছল জীৱন যাপন কৰা ৰাইজৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাত এতিয়া আনৰ ঘৰত হাজিৰ কাম কৰি পৰিয়াল পোহপাল দিয়াৰ পৰিকল্পনা কৰিছে ৷

বানত সকলো হেৰুৱাই মূৰে কপালে হাত দিছে ৰাইজে

উল্লেখ্য যে,বিগত পাঁচ ছয় বছৰ ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামুগুৰিৰ লাওখোৱাত লুইতৰ খহনীয়াই হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰাৰ পাচতো আজি পৰ্যন্ত কোনো স্থায়ী সমাধান নোহোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ।

Intro:এখন চৰকাৰী বিদ্যালয়। গ্ৰীষ্মবন্ধৰ পূৰ্বে বিদ্যালয়খনত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিল শতাধিক ছাত্ৰ ছাত্ৰী। কিন্তু বন্ধৰ পিছত বিদ্যালয়খনত অধ্যয়নৰ হয়তো সুযোগ নাপাব ছাত্ৰ ছাত্ৰীসকলে। কাৰণ লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন। ইপিনে চাৰি পাঁচবাৰ পৰ্য্যন্ত নিজৰ ঘৰ স্থানান্তৰ কৰিও ৰক্ষা নপৰিল চামগুৰি সমষ্টিৰ লাওখোৱাৰ বহু পৰিয়াল। এসময়ত কৃষিকৰ্মৰে জীৱন নিৰ্বাহ কৰা বহু পৰিয়ালৰ লোক এতিয়া দিন হাজিৰা শ্ৰমিক। কিন্তু ই টি ভি ভাৰতৰ কেমেৰাত বন্দী জলসম্পদ বিভাগৰ ভেকো বাওনা। এই সন্ধৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।

Body:হয় কৈছোঁ নগাঁৱৰ লাওখোৱাৰ এইখন বিদ্যালয়ৰ কথা। লাওখোৱা এইখন চাৰি নং বগামুখ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত গ্ৰীষ্ম বন্ধৰ পূৰ্বেই অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিল শতাধিক ছাত্ৰ ছাত্ৰী। কিন্তু গ্ৰীষ্মবন্ধৰ পিছত বিদ্যালয়খনত আৰু নহয় পাঠদান। কিয়নো লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়খন। ব্রক্ষ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰা লাওখোৱাৰ ভগামুখ অঞ্চলৰ এইখনেই একমাত্ৰ প্ৰাথমিক বিদ্যালয়। ইতিমধ্যে ব্রক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে তচনচ কৰি থৈ গল গাওঁখনৰ লগতে বিদ্যালখন। লুইতৰ খনহনীয়াই প্ৰায় স্পৰ্শ কৰিলে বিদ্যালয়। বিদ্যালয় কৰ্তৃপক্ষই খুলি নিছে টিন আচবাব আদি। বিদ্যালয়খনক লৈ এতিয়া চিন্তিত ছাত্ৰ ছাত্ৰী , অভিভাৱক।
bite. স্থানীয় লোক।
vo. এইবাৰ মন কৰক ভগামুখৰ এই লোকজনলৈ। মূৰে কপালে হাত দি ব্রক্ষ্মপুত্ৰলৈ ৰ লাগি কেৱল চাই ৰৈছে এইজন ৰঞ্জিত মণ্ডলে। তেনে সময়তে সেই স্থানত উপস্থিত হৈছিল ই টি ভি ভাৰতৰ সাংবাদিক। লুইতৰ মাজলৈ আঙুলিয়াই ৰঞ্জিত মণ্ডলে দেখুৱাইছিল সৌ তাতে মোৰ ঘৰ আছিল। ইতিমধ্যে চাৰি পাঁচবাৰ স্থানান্তৰ কৰা হৈছে মোৰখন। শেষত এই ঘৰখনো কোন মুহূৰ্তত জাহ যায় তাৰ কোনো নিশ্চয়তা নাই। সেয়ে এই ঘৰখনো ভাঙি এতিয়া নিৰাপদ স্থান বিচাৰি হাহাকাৰ ৰঞ্জিত মণ্ডলৰ। এসময়ত কৃষি কৰ্মৰে স্বচ্ছল জীৱন যাপন কৰা ৰঞ্জিত মণ্ডলৰ এতিয়া শেষ সিদ্ধান্ত। মথাউৰিৰ ওপৰত আশ্ৰয় পালে লোকৰ ঘৰত হাজিৰ কাম কৰি পুহপাল দিব পৰিয়াল। এই দুৰৱস্থা কেৱল ৰঞ্জিত মণ্ডলৰে নহয়। লাওখোৱাৰ ভগামুখ আৰু ভুৰবন্ধা অঞ্চলৰ বহু পৰিয়াল আজি পৰিণত হৈছে হাজিৰা শ্ৰমিকলৈ।
bite. ৰঞ্জিত মণ্ডল।

Conclusion:বিগত পাঁচ ছয় বছৰ ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামুগুৰিৰ লাওখোৱাত লুইতৰ খহনীয়াই হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন কৰাৰ পিছতো আজি পৰ্যন্ত হোৱা নাই কোনো স্থায়ী সমাধান। কিন্তু খহনীয়া প্ৰতিৰোধৰ নামত নগাওঁ জলসম্পদ বিভাগে কৰা ভেকোবাওনা কৰাৰ তথ্যও পোহৰলৈ আহিছে। বিগত বৰ্ষত বাঁহেৰে লুইতক ভেটিবলৈ চলাইছিল চেষ্টা। ব্ৰহ্মপুত্ৰৰ মাজত বাঁহ পুতি খহনীয়া ৰোধৰ হাস্যকৰ পদক্ষেপ গ্ৰহণ নগাওঁ জলসম্পদ বিভাগৰ। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত গ্ৰহণ কৰা এনে পদক্ষেপ লুণ্ঠনৰ বাহিৰে যে একোৱেই নহয় সেয়া সহজেই অনুমেয়।
--------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৩-৭-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.