ETV Bharat / state

ক'ভিড-১৯ত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

author img

By

Published : May 16, 2021, 4:01 PM IST

কলিয়াবৰত প্ৰথম গৰাকী কৰ'ণাত আক্ৰান্ত লোকৰ মৃত্যু ৷ লোকজনৰ মৃত্যুৰ পাচতে আতংকিত হৈ পৰিছে স্থানীয় লোক তথা স্বাস্থ্য বিভাগ ৷ কাৰণ লোকজনে 9 দিনৰ অন্তত কৰিবলগীয়া পৰীক্ষা নকৰাকৈ গাঁওখনত ঘূৰি ফুৰিছিল ৷

First patient dies of coalibor due to covid-19
ক'ভিড-১৯ত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

কলিয়াবৰ, 16 মে': শনিবাৰে বয়লি কলিয়াবৰত প্ৰথম গৰাকী কৰ'ণাত আক্ৰান্ত লোকৰ মৃত্যু হয় ৷ কলিয়াবৰৰ দলগাঁৱৰ সাগৰ শইকীয়া নামৰ মুম্বাইত কৰ্মৰত লোকজনে কিছুদিনৰ পূৰ্বে অসমলৈ ঘূৰি আহিছিল ৷

মুম্বাইৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত লোকজনে স্বাস্থ্য পৰীক্ষা কৰাত দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে লোকজনক হোম আইচ’লেশ্যনত থকাৰ পৰামৰ্শ দিয়ে ৷ জখলাবন্ধা হাস্পতালৰ তত্বাৱধানত হোম আইচ’লেশ্যনত আছিল যদিও লোকজনে স্বাস্থ্য বিভাগৰ নীতি-নিয়ম সমূহ মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য বিভাগে ৷

ইফালে লোকজনৰ মৃত্যুৰ পাচতে আতংকিত হৈ পৰিছে স্থানীয় লোক তথা স্বাস্থ্য বিভাগ ৷ কাৰণ লোকজনে 9 দিনৰ অন্তত কৰিবলগীয়া পৰীক্ষা নকৰাকৈ গাঁওখনত ঘূৰি ফুৰিছিল ৷

উল্লেখ্য যে, লোকজনৰ অন্তেষ্টিক্ৰিয়াৰ বাবে প্ৰথম অৱস্থাত ৰাইজ মান্তি হোৱা নাছিল যদিও স্বাস্থ‍্য বিভাগ, আৰক্ষী প্ৰশাসনৰ বুজনিৰ পাছত মান্তি হয়। স্বাস্থ‍্য বিভাগৰ পৰামৰ্শ মতে পিপিই কীট পিন্ধি গাঁৱৰ কেইগৰাকীমান লোকে সাগৰ শইকীয়া নামৰ লোকজনৰ শেষকৃত্য সম্পন্ন কৰে।

লগতে পঢ়ক: ক’ভিড প্ৰট’কল ভংগ : নলবাৰীৰ বজাৰত আৰক্ষীৰ তহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.