ETV Bharat / state

নগাঁৱৰ পানীখাইটি ষ্টেট বেংকৰ শাখাত দুৰ্বৃত্তৰ গুলীচালনা

নগাঁৱত বিগত কেইবাদিনত ধাৰাবাহিকভাবে সংঘটিত হৈছে গুলীচালনা ঘটনা ৷ পিছে এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী নহয়, এটা বেংকতহে সংঘটিত হৈছে এই ঘটনা ৷ পাঁচজনীয় দুৰ্বৃত্তৰ দলে পানীখাইটিৰ ভাৰতীয় ষ্টেট বেংকৰ (SBI) শাখা এজন বেংক কৰ্মচাৰীলৈ গুলিচালনা কৰি লুটি নিয়ে টকাৰ বেগ ৷

author img

By

Published : Jul 16, 2021, 1:16 PM IST

নগাঁৱৰ পানীখাইটিৰ ষ্টেট বেংকৰ শাখাত দুৰ্বৃত্তৰ গুলীচালনা

নগাঁও, 16 জুলাই : নগাঁৱত ধাৰাবাহিকভাবে সংঘটিত হৈছে গুলিচালনাৰ ঘটনা (Firing Incident) ৷ বিশেষকৈ বিগত কেইবাদিনত ড্ৰাগছ সৰবৰাহকাৰী (Drug Mafia)ৰে আৰক্ষীৰ ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ থকা সময়তে শুকুৰবাৰে পুৱা পুনৰ জিলাখনত সংঘটিত হয় গুলিচালনাৰ (Firing Incident) ঘটনা ৷ পিছে এইবাৰ ড্ৰাগছ মাফিয়াৰে আৰক্ষীৰ গুলিচালনা (Firing Incident)ৰ ঘটনা নহয়, এইবাৰ গুলিচালনা (Firing Incident)ৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ পানীখাইটিৰ ভাৰতীয় ষ্টেট বেংকৰ শাখা (SBI)ত ।

নগাঁৱৰ পানীখাইটিৰ ভাৰতীয় ষ্টেট বেংকৰ শাখা (SBI)ত শুকুৰবাৰে পুৱা এজন কৰ্মচাৰী (Bank Employee)ক গুলিয়াই (Firing Incident) দুৰ্বৃত্তৰ দলে লুটি নিয়ে ধন । হাফিজুল শ্বেখ নামৰ কৰ্মচাৰীজনে পুৱা ধনখিনি লগত লৈ মেনেজাৰৰ গাড়ীত বেংকলৈ আহি থকা সময়তে সংঘটিত হয় এই ঘটনা ৷ পাঁচজনীয় দুৰ্বৃত্তৰ দলটোৱে কৰ্মচাৰীজনলৈ লক্ষ্য কৰি তিনি জাঁই গুলিচালনা কৰে ৷

দুৰ্বৃত্তৰ পিষ্টলৰ গুলিৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে বেংকৰ কৰ্মচাৰীজন ৷ অৱশ্যে এটা গুলি হাফিজুলৰ শৰীৰৰ কিছু অংশ স্পৰ্শ কৰে যদিও বিশেষ আঘাতৰ পৰা ৰক্ষা পৰে হাফিজুল । একেসময়তে দুৰ্বৃত্তৰ দলটোৰ আন কেইজনমান সদস্যই হাফিজুলৰ পৰা টকাৰ বেগটো কাঢ়ি নিয়ে ৷

সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আনহাতে, বেগটোত কিমান টকা আছিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : কন্টেইনমেন্ট জ’নত বজাৰ বন্ধ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.