ৰহা, 1 মাৰ্চঃ বহু বিতৰ্কৰ পিছত পুনৰ আৰম্ভ হ’ল ৰহা টোল গেটত কৰ সংগ্ৰহ প্ৰক্ৰিয়া ৷ আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত কৰ সংগ্ৰহ আৰম্ভ কৰিলে ঠিকা লাভ কৰা প্ৰতিষ্ঠান এম.বি কন্সটেৰিয়ামে ৷ জাতীয় দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদকো নেওচি পহিলা মাৰ্চৰ পৰাই আৰম্ভ কৰা হ’ল কৰ সংগ্ৰহ প্ৰক্ৰিয়া ৷ দেওবাৰে পুৱাই পূজা-অৰ্চনাৰে কৰ সংগ্ৰহ আৰম্ভ কৰিছে ঠিকা লাভ কৰা প্ৰতিষ্ঠান এম.বি কন্সটেৰিয়ামে ৷ আনহাতে কৰ সংগ্ৰহৰ প্ৰথমটো দিনত ব্যক্তিগত কোনো বাহনৰ পৰা সংগ্ৰহ কৰা নাই কৰ ৷ উল্লেখ্য যে, 2015 চনত ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হোৱা টোলগেট ইতিমধ্যেই দুবাৰকৈ বন্ধ হৈ পৰিছিল ৷ অত্যাধিক মাচুল সংগ্ৰহ, নীতি বহিৰ্ভূতভাৱে পৌৰসভা এলেকাত টোল গেট স্থাপনকে ধৰি বহু অভিযোগ উত্থাপন কৰি ৰহাৰ টোলগেট অবৈধ বুলি দাবী কৰিছিল অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিসহ কেবাটাও সংগঠনে ৷ আনহাতে 2015 চনতে প্ৰথমবাৰ বন্ধ হোৱাৰ পিছত 2018 চনত দ্বিতীয়বাৰৰ বাবে বন্ধ হৈছিল টোল গেটখন ৷
আনহাতে বহু বিতৰ্কৰ অন্তত 1 মাৰ্চ অৰ্থাৎ আজি পুনৰ কৰ সংগ্ৰহ আৰম্ভ হয় ৷ ইয়াৰোপৰি অসমৰ প্ৰতিষ্ঠান এম বি কন্স্টেৰিয়ামে পূৰ্বৰ তুলনাত হ্ৰাস কৰিছে এইবাৰৰ কৰৰ পৰিমাণ ৷ আনহাতে পৰৱৰ্তী পৰ্যায়ত ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন বাহনে ভৰিবলগীয়া নহ’ব কৰ ৷ ইয়াৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰা হ’ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে ৷
ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নকৰাকৈ কৰ সংগ্ৰহ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে যাত্ৰীবাহী বাহনৰ একাংশ চালকে ৷ ইপিনে ৰহা টোলগেটৰ কাষতে ব্যৱস্থা কৰা হৈছে ফাষ্টটেগ প্ৰদানৰো ৷ সমগ্ৰ দেশতে টোল দিয়াৰ ক্ষেত্ৰত চৰকাৰে ফাষ্ট টেগৰ ব্যৱস্থা কৰাৰ সময়তে যাত্ৰীৰ সুবিধাৰ্থে ৰহা টোলগেটৰ সমীপতে বাহনসমূহৰ বাবে ব্যবস্থা কৰিছে ফাষ্ট টেগৰ ৷
আৰু পঢ়কঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নাগৰিকলৈ আহিল ডি ভোটাৰৰ জাননী