ETV Bharat / state

Felicitation at Kaliabor: কলিয়াবৰত ৩৭৭ গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - বীৰাংগনা সতী সাধনী ৰাজ‍্যিক বিশ্ববিদ‍্যালয়

মন্ত্ৰী কেশৱ মহন্তৰ ব‍্যৱস্থাপনাত উচ্চ মাধ‍্যমিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান (Felicitation at Kaliabor by Keshab Mahanta) ৷ কলিয়াবৰৰ বিধায়ক হিচাপে ২০০৬ চনৰ পৰাই এই অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছে বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তই ।

Felicitation at Kaliabor
Felicitation at Kaliabor
author img

By

Published : Jul 11, 2022, 10:16 PM IST

কলিয়াবৰ, 11 জুলাই : কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হয় কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ এক অনুষ্ঠান (Felicitation program at Kaliabor)৷ ক’ভিড মহামাৰীৰ বাবে দুবছৰৰ বিৰতিৰ পাছত কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড৹ হিৰণ‍্য কুমাৰ চলিহাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই অভিনন্দন অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে বীৰাংগনা সতী সাধনী ৰাজ‍্যিক বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য‍ ড৹ জ‍্যোতি প্ৰসাদ শইকীয়া, কেম্ব্ৰিজ বিশ্ববিদ‍্যালয়ৰ ৰেংলাৰ তথা গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ‍্যাপক অনুপম শইকীয়া ।

সভাত ভাষণ প্ৰদান কৰি বীৰাংগনা সতী সাধনী ৰাজ‍্যিক বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য‍ ড৹ জ‍্যোতি প্ৰসাদ শইকীয়াই কয় যে আমাক এক সুন্দৰ সমাজ গঢ় দিয়াৰ উদ্দেশ‍্যে চিন্তা প্ৰক্ৰিয়াৰ উত্তৰণৰ প্ৰয়োজন । চিন্তা প্ৰক্ৰিয়াৰ সঠিক উত্তৰণ সমাজত জীৱন-জীৱিকাৰ বাবে কেতিয়াও হ'ব নালাগে । সভ‍্যতা সংস্কৃতি উত্তৰণৰ বাবে কাম কৰাৰ এক আগ্ৰহ জন্মিব লাগিব । যি আগ্ৰহে সমাজৰ উন্নতিত নিজকে আত্মনিয়োগ কৰাৰ কাৰ্য‍ত ব্ৰতী হোৱাত সহায়ক হ'ব ।

তেওঁ লগতে কয়, ধাৰণাৰ সঠিক দৃষ্টিকোণেৰে এক সম্পদশালী সমাজ গঢ়াত অগ্ৰসৰ হ'ব পাৰিব নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল । চিন্তন প্ৰক্ৰিয়া গঢ় দিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃ তথা শিক্ষাগুৰুসকলক কৰা উচিত সন্মান প্ৰদৰ্শন আমাক আগবঢ়াই লৈ যোৱাত সহায়ক হ'ব ।

আই আই টি গুৱাহাটীৰ অধ‍্যাপক অনুপম শইকীয়াই কয়, ‘‘ছাত্ৰ-ছাত্ৰীসকলে এক লক্ষ‍্য লৈ শিক্ষা গ্ৰহণ কৰি প্ৰতিযোগিতামূলক পৰীক্ষালৈও সাজু হ'ব লাগিব । বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো ক্ষণতে সজাগ হৈ থাকিব লাগিব । আজি ক'ত আছোঁ ডাঙৰ কথা নহয়, আমি কি দিশে গৈ আছোঁ সেইটোহে গুৰুত্বপূৰ্ণ । তাৰ বাবে প্ৰত‍্যাহ্বানমূলক কাৰ্য‍ত ব্ৰতী হ'ব পৰাকৈ নিজকে সাজু কৰিব লাগিব । যিখিনি সমল আমাৰ হাতত আছে, সেইখিনিৰেই আগবাঢ়িব লাগিব’’ ।

আজিৰ এই অনুষ্ঠানত ২০২২ চনত উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু হাইমাদ্ৰাছাত ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ মুঠ ৩৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, কিতাপৰ টোপোলা আদিৰে অভিনন্দন জনোৱা হয় । ১০০ শতাংশ উত্তীৰ্ণৰে সফলতা অৰ্জন কৰা মহকুমাটোৰ দুখন শিক্ষানুষ্ঠানৰ মুৰব্বীকো অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে এশ শতাংশ উত্তীৰ্ণৰ ফলাফল দেখুওৱা শিক্ষানুষ্ঠান দুখনলৈ ১ লাখকৈ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই ।

২০২২ চনৰ উচ্চ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাত মুঠ ২৯ খন উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ পৰা ৩৫ গৰাকীয়ে ডিষ্টিংচন, ৪০ গৰাকীয়ে ষ্টাৰ, ১১১ গৰাকীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগ, ৮০ গৰাকীয়ে সাধাৰণভাৱে প্ৰথম বিভাগ লাভ কৰিছে কলিয়াবৰত ৷ একেদৰে ২০২২ চনৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত মুঠ এখন শিক্ষানুষ্ঠানৰ পৰা ডিষ্টিংচন ২ গৰাকী, ষ্টাৰ ৫ গৰাকী, লেটাৰ মাৰ্কসহ প্ৰথম বিভাগ ১১ গৰাকী আৰু সাধাৰণভাৱে প্ৰথম বিভাগ ২ গৰাকীয়ে লাভ কৰে ।

ইয়াৰ সমান্তৰালকৈ উচ্চতৰ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২২ চনৰ ফলাফলত মুঠ ১৩ খন উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ পৰা ষ্টাৰ ৩৩ গৰাকী, লেটাৰ মাৰ্কসহ প্ৰথম বিভাগ ১৩২ গৰাকী, সাধাৰণভাৱে প্ৰথম বিভাগ ৩৯ গৰাকীয়ে লাভ কৰে ।

লগতে পঢ়ক : Selection Examination of Health department: বতৰ ভাল হ’লেহে স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.