ETV Bharat / state

কৃষি কেলেংকাৰী : ক্ষুদ্ধ বঞ্চিত কৃষক !

author img

By

Published : May 11, 2020, 10:13 PM IST

শেহতীয়াকৈ লক্​ ডাউনৰ ফলত সাৰ আৰু কীটনাশক দ্ৰব‍্যৰ অভাৱত ব‍্যৱসায়িক ভিত্তিত কৰা শাক-পাচলিৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে । তথাপিও কিন্তু চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হৈছে প্ৰকৃত কৃষক । ইতিমধ‍্য কৃষি বিভাগত সংঘটিত কেলেকাংকাৰীৰ অভিযোগৰ ভিত্তিত অসমৰ জিলাই-জিলাই তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে।

Farmers at Kaliabor Deprived for lock down
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি

কলিয়াবৰ,11 মে': প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা বঞ্চিত প্ৰকৃত কৃষক ‌। কৃষকৰ মৰ্য‍দাক লৈ যেন বহুৱালি কৰিলে এচাম অৰ্থলোভী ৰাজনৈতিক নেতা-পালিনেতাই । চাকৰিয়াল, ছাত্ৰ-বৃদ্ধতো বাদেই কোনো দিনে পথাৰ নগৰকা মহিলাই লাভ কৰিছে কিষাণ সন্মান। বৰ্তমান কেৱল এয়াই সংঘটিত হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত।

কলিয়াবৰ মহকুমাৰ কলিয়াবৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিখন গাঁৱত লক্​ ডাউনৰ সময়ছোৱাত এনে অনিয়মে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। কৰ্ম সংস্থাপন আৰু জীৱিকাৰ জটিল সন্ধিক্ষণত প্ৰতিজন বঞ্চিত কৃষক ক্ষুব্ধ।

ক্ষুদ্ধ হৈ পৰিছে আঁচনিৰ পৰা বঞ্চিত কৃষক
কলিয়াবৰ মহকুমাৰ পূৱথৰীয়া পঞ্চায়তৰ মাধতাৰী গাঁৱৰ নৰেন নেওগ নামৰ ব‍্যক্তিজনে বিগত দুবছৰে পূৱথৰীয়া গাঁৱৰ হিৰু কাকতি আৰু শিলঘাটৰ আবুবক্কৰ চিদ্দিকৰ সৈতে মিলি শাক-পাচলি আৰু ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে‌।

চৰকাৰী কোনো সা-সুবিধা নোহোৱাকৈ গাঁঠিৰ ধন ভাঙি খেতি কৰি অতি কষ্টৰে দুটকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খেতিয়ক কেইজনে। কিন্তু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আবেদন জনোৱাৰ পাচতো নৰেন নেওগৰ নাম তালিকাভুক্ত নহ'ল। তাৰ পৰিৱৰ্তে কেতিয়াও পথাৰত খোজ দি নোপোৱা গাঁৱৰে বহুকেইগৰাকী মহিলাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাভুক্ত হোৱাৰ লগতে চৰকাৰী চাকৰীয়াল আৰু অৱস্থাপন্ন পৰিয়ালেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি নৰেন নেওগে অৱগত কৰে ৷

লগতে পঢ়ক : বিশ্বনাথৰ পৰা উত্তৰপ্ৰদেশলৈ খোজকাঢ়ি যাত্ৰা ৭ প্ৰৱাসী শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.