বটদ্ৰৱা, 29 জুনঃ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যক লৈ ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই ৰাইজৰ ৰোষত বটদ্ৰৱাৰ যুৱক ৷ নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি বিতৰ্কত সোমাই পৰে বটদ্ৰৱাৰ কৰচুং সত্ৰৰ কুমুদ কৃষ্ণ বৰা নামৰ যুৱকজন ৷
ঘটনাৰ পিচতেই যুৱকজনৰ বিৰুদ্ধে অভিনেতাগৰাকীৰ পৰিয়ালে আদালতত গোচৰ তৰাৰ পিচতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যুৱকজনে ৷ ফেচবুকযোগে মুকলিকৈ ক্ষমা বিচাৰি যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰে ৷
উল্লেখ্য যে, গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল অসমৰ জ্যেষ্ঠ তথা আগশাৰীৰ অভিনেতা নিপন গোস্বামী ৷ কিছুদিন আগত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যদিও বৰ্তমানে সম্পুৰ্ণ সুস্থ অৱস্থাত আছে বুলি সদৰী কৰিছে পৰিয়ালৰ সদস্যই ৷