ETV Bharat / state

নগাঁৱৰ অট্টালিকা হাউলি যোৱা ঘটনা: অনুসন্ধানত কি পালে বিভাগীয় অভিযন্তাই ?

author img

By

Published : May 1, 2021, 12:12 PM IST

28 এপ্ৰিল তাৰিখে হোৱা ভূমিকম্পত নগাঁৱৰ এটা অট্টালিকা হাউলি পৰা বুলি প্ৰচাৰ হৈছিল যদিও প্ৰকৃততে অট্টালিকাটো হাউলি পৰা নাছিল ভূমিকম্পত । লোকনিৰ্মাণ বিভাগৰ গৃহ বিভাগৰ অভিযন্তাৰ দলৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

নগাঁৱৰ অট্টালিকা হাউলি যোৱা ঘটনা
নগাঁৱৰ অট্টালিকা হাউলি যোৱা ঘটনা

নগাঁও, 1 মে’ : বুধবাৰে ৰাজ্য কঁপাই যোৱা বৰভূঁইকপে বহু লোকৰ বিস্তৰ ক্ষতি সাধন কৰি যোৱাৰ লগতে পোহৰলৈ আনিছে নগাঁও পৌৰৰনিগম আৰু পৰিকল্পনা বিভাগৰ অকৰ্মণ্যতাৰ এক ভয়ংকৰ ছবি । বুধবাৰে পুৱাৰ ভূমিকম্পৰ পিছৰ পৰাই চর্চালৈ আহিছে নগাঁও চহৰৰ ফৌজদাৰি পট্টি কাঠমিল চাৰিআলিৰ দুটা বিশাল অট্টালিকা ।

ভূমিকম্পত এটা অট্টালিকা আন এটা অট্টালিকাৰ ওপৰত হাউলি পৰা বুলি মুহূৰ্ততে ভাইৰেল হৈ পৰিছিল ভিডিঅ' । এই বাতৰি প্ৰচাৰ হৈছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো । লগে লগেই তৎপৰ হৈ পৰিছিল নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন । উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ গৃহ বিভাগৰ অভিযন্তাৰ দল প্ৰেৰণ কৰিছিল ক্ষেত্ৰভিত্তিত প্ৰতিবেদন দাখিল কৰিবলৈ । অভিযন্তাৰ দলৰ প্ৰতিবেদনতেই পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত তথ্য ৷

নগাঁৱৰ অট্টালিকা হাউলি যোৱা ঘটনা

প্ৰতিবেদন অনুসৰি দুয়োটা অট্টালিকাৰ ওপৰৰ অংশ যিমান পাৰে সিমান বহলাই নিৰ্মাণ কৰা হৈছে । দুয়োটা অট্টালিকাই ব্যাপক অনিয়মেৰে নিৰ্মাণ কৰা বাবেই মাজৰ অংশ কিছু বেঁকা হৈ আছে । তাকেই ভূমিকম্পৰ পিছতো একাংশই প্ৰত্যক্ষ কৰি ভূমিকম্পত হাউলি যোৱা বুলি অনুমান কৰিছিল বুলি ধাৰণা কৰা হৈছে ।

সকলো নীতি নিয়মক জলাঞ্জলি দি নিজ খেয়াল খুচি মতে সুউচ্চ অট্টালিকা নিৰ্মাণ কৰা দুই স্বতাধিকাৰী বাবুল আলী আৰু কৃষ্ণ দাসক দীৰ্ঘদিনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহা নগাঁও পৌৰ সভাই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ নিৰ্দেশতহে ।

এতিয়া প্ৰশ্ন হয় পাৰ্শ্বৱৰ্তী এলেকাৰ কেবাটাও পৰিয়াললৈ ভাবুকি কঢ়িয়াই অনা এই অট্টালিকা দুটাৰ ক্ৰুটিপূৰ্ণ নিৰ্মাণৰ বিৰুদ্ধে সঠিক দিশত তদন্ত হ’ব নে? নে কিছুদিন পিছতেই সকলো পৌৰ সভাৰ ফাইলতেই আবদ্ধ হৈ থাকিব ।

লগতে পঢ়ক: প্ৰকৃততে ভূমিকম্পত হেলনীয়া হোৱা নাছিল নেকি নগাঁও চহৰৰ অট্টালিকাটো !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.