ETV Bharat / state

ইটিভি ভাৰত অসমত বাতৰি সম্প্ৰচাৰৰ পাচতেই ধিং, ৰূপহীহাটত গৌৰৱ গগৈ - ধিং ৰূপহীহাটত উপস্থিত গৌৰৱ গগৈ

অৱশেষত বহু পলমকৈ হলেও সাৰ পালে সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদ গৰাকীৰ ভূমিকাক লৈ বৃহস্পতিবাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই শুকুৰবাৰে ধিং আৰু ৰূপহীহাটত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । যি সময়ত একাংশ সাংসদে বিনামূলীয়া অক্সিজেনৰ পৰা মাস্ক চেনিটাইজাৰ পৰ্যন্ত যোগান ধৰি আহিছে তেনে সময়ত গৌৰৱ গগৈৰ ভূমিকাক সমালোচনা কৰিছে একাংশই ।

ইটিভি ভাৰত অসমত বাতৰিৰ সম্প্ৰচাৰৰ পিছতেই ধিং, ৰূপহীহাটত উপস্থিত গৌৰৱ গগৈ

author img

By

Published : May 28, 2021, 9:55 PM IST

নগাঁও , 28মে’: অৱশেষত ধিং, ৰূপহীহাট, বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ কাষত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ । প্ৰায় ডেৰ মাহৰ অন্তত ক’ভিড-১৯ৰ ফলত দুৰ্ভোগ ভোগা লোকৰ খবৰ ল'বলৈ সময় পালে সাংসদ গৌৰৱ গগৈয়ে । চচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰু ইটিভি ভাৰতত ধিং, ৰূপহীহাটবাসীক গৌৰৱ গগৈয়ে কৰা অৱহেলাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই জনতাৰ দুৰ্দশাৰ খবৰ লবলৈ উপস্থিত হয় সাংসদ গৰাকী ।

ইটিভি ভাৰত অসমত বাতৰিৰ সম্প্ৰচাৰৰ পিছতেই ধিং, ৰূপহীহাটত উপস্থিত গৌৰৱ গগৈ

বিগত প্ৰায় ডেৰ মাহ কাল কৰ'ণাৰ দ্বিতীয় ঢৌত বিপৰ্যস্ত ৰাজ্য ৷ দিনক দিনে বৃদ্ধি পাই আহিছে কৰ'ণাৰ সংক্ৰমণ । পৰিস্থিতি এতিয়া কিছু হলেও উন্নত হোৱাৰ দিশে । ক’ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা এখনৰ পিছত আন এখন নিৰ্দেশনাই কৰ'ণা সংক্ৰমণত বাধাৰ সৃষ্টি কৰাৰ বিপৰীতে আন একাংশ দৰিদ্ৰ লোকক আৰ্থিকভাৱে জুৰুলা কৰিছে ।

এনে এক জটিল পৰিস্থিতিত জনপ্ৰতিনিধিসকলে জনসাধাৰণৰ কাষত থিয় হৈ আগবঢ়াইছে সহায়ৰ হাত । কিন্তু এনে এক জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা জনতাৰ কাষত থিয় হ'বলৈ সময় পোৱা নাছিল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । মাত্ৰ দুটা দিন পূৰ্বে কলিয়াবৰ লোকসভা সমষ্টিৰ দুই এঠাইত উপস্থিত হৈছিল যদিও লোকসভা সমষ্টিটোৰ ধিং, ৰূপহীহাট, বটদ্ৰৱা বিধানসভা সমষ্টিৰ ৰাইজৰ খবৰ ল'বলৈ আহৰি পোৱা নাছিল সাংসদ গৌৰৱ গগৈয়ে । বিষয়টোৱে চ’ছিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে এই সন্দৰ্ভত ইটিভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল বাতৰি ।

বৃহস্পতিবাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই শুকুৰবাৰে সমষ্টিকেইটাত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । যি সময়ত একাংশ সাংসদে বিনামূলীয়া অক্সিজেনৰ পৰা মাস্ক চেনিটাইজাৰ পৰ্যন্ত যোগান ধৰি আহিছে তেনে সময়ত গৌৰৱ গগৈৰ ভূমিকাক সমালোচনা কৰিছে একাংশই । অৱশেষত বহু পলমকৈ হ'লেও সাৰ পালে গৌৰৱে । শুকুৰবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ ধিং, বটদ্ৰৱা, ৰূপহীহাট বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ৷ কন্টেইনমেণ্ট জ'নতো উপস্থিত হৈ সাংসদগৰাকীয়ে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

ইফালে নিজে বহু পলমকৈ ৰাইজৰ খবৰ ল'বলৈ অহা গৌৰৱ গগৈয়ে আকৌ সমালোচনা কৰিবলৈ নেৰিলে চৰকাৰক ৷ ভেকচিন প্ৰসংগতো চৰকাৰ একপ্ৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে । ভেকচিন প্ৰদানত গুৰুত্ব প্ৰদান কৰি প্ৰতিজন লোককে ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ।

চ’ছিয়েল মিডিয়াত ব্যাপক সমালোচনা আৰু সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত গৌৰৱ গগৈয়ে ধিং, ৰূপহীহাট আৰু বটদ্ৰৱাবাসীৰ খবৰ ল'বলৈ উপস্থিত হোৱা বিষয়টোৱেও সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা । নিৰ্বাচনৰ পূৰ্বে সঘনাই অহা ধিং, ৰূপহীহাটত বিপদৰ সময়তহে গৌৰৱ গগৈ আহিবলৈ সময় নাপায় বুলিও চৰ্চা চলিছে একাংশৰ মাজত ।

লগতে পঢ়কঃ স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.