নগাঁও,25 মেঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে মাস্ক আৰু ছেনিটাইজাৰ । বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই মানি আহিছে সামাজিক দূৰত্ব । এইসকল ছাত্ৰ-ছাত্ৰীয়ে কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ কথা বুজি চৰকাৰ-প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকে কোনো লোকৰ পৰা লাভ কৰা নাছিল মাস্ক আৰু ছেনিটাইজাৰ ।
আনহাতে, ইটিভি ভাৰতত এই বাতৰি প্ৰকাশৰ পিছতে বিদ্যালয়খনত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সদস্যসকল । সমিতিটোৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিতৰণ কৰে মাস্ক আৰু ছেনিটাইজাৰ ।
লগতে পঢ়ক- গোলাঘাটত পুনৰ 18 জনৰ দেহত কৰ’ণা পজিটিভ