ETV Bharat / state

'সেউজ নগাঁও'ৰ উদ্যোগত গছপুলি ৰোপণ বিধায়ক ৰূপক শৰ্মাৰ

author img

By

Published : Jun 5, 2021, 9:56 PM IST

নগাঁৱক সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত 'সেউজ নগাঁও' অনুষ্ঠানৰ সহযোগত বিভিন্ন স্থানত গছপুলি ৰোপণ বিধায়ক ৰূপক শৰ্মাৰ । নিজৰ সন্তানৰ দৰেই গছপুলি প্ৰতিপালন কৰাৰ আহ্বান পৰিবেশ কৰ্মী পঙ্খী বৰাৰ ।

environment day
গছপুলি ৰোপণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ৫ জুন: সমগ্ৰ বিশ্বজুৰি ৫ জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment Day) । গছপুলি ৰোপণকে ধৰি প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই বিশেষ দিনটোত ।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসমৰ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁৱৰ সামাজিক অনুষ্ঠান 'সেউজ নগাঁও'ৰ উদ্যোগত গ্ৰহণ কৰা হয় গছপুলি ৰোপণৰ এই কাৰ্যসূচী ।

অনুষ্ঠানটোৰ উদ্যোগত নগাঁৱৰ মতিৰাম বৰা বিদ্যালয়কে ধৰি বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰা হয় । গছপুলি ৰোপণ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে, কেৱল বিশ্ব পৰিবেশ দিৱসৰ দিনাই নহয় পৰিবেশ সংৰক্ষণৰ বাবে প্ৰত্যেক দিনাই ৰোপণ কৰিব লাগে গছপুলি । লগতে গছপুলিৰ প্ৰতিপালন কৰিবলৈও সকলোকে আহ্বান জনায় বিধায়ক ৰূপক শৰ্মাই । 'সেউজ নগাঁও'ৰ সদস্য পঙ্খী বৰাইও গছপুলি ৰোপণ কৰি নিজৰ সন্তানৰ দৰে গছপুলিবোৰক লালন পালন কৰিবলৈ আহ্বান জনায় সকলোকে ।

লগতে পঢ়ক:ৰূপহীহাটত চুপাৰী ফেক্টৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.