ETV Bharat / state

জলসম্পদ মন্ত্ৰীৰ গৃহ জিলাত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

author img

By

Published : Jun 14, 2020, 1:09 PM IST

জনপ্ৰতিনিধিৰ অৱহেলাৰ বাবে কামপুৰত ৰাইজে নিৰ্মাণ কৰিলে বৰপানী নৈৰ ভগ্ন মথাউৰি ৷ বৰপানী নৈৰ বাঢ়নী পানীয়ে দুবাৰকৈ মথাউৰিটো ভাঙি নিয়াৰ পিছতো কাণসাৰ নিদিলে স্থানীয় জনপ্ৰতিনিধিয়ে ৷ ফলত ৰাইজে নিৰ্মাণ কৰিবলৈ বাধ্য হ’ল মথাউৰিটো ৷

Embankment was formed by public kampur nagaon assam etv bharat news
ৰাইজৰ দ্বাৰা নিৰ্মাণ মথাউৰি

বঢ়মপুৰ,14 জুন: নগাঁও জিলাৰ কামপুৰৰ মাধৱপাৰাত ৰাইজৰ দ্বাৰা নিৰ্মাণ ভগ্ন মথাউৰি ৷ অঞ্চলটোৰ মাজেৰে যোৱা বৰপানী নৈৰ বাঢ়নী পানীয়ে দুয়োপাৰৰ মথাউৰি দুবাৰকৈ ভাঙি নিয়াৰ এপষেক পাৰ হোৱা স্বত্বেও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ লগতে স্থানীয় জন প্ৰতিনিধি ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীৰ গৃহ জিলাত সংঘটিত হৈছে এই কাৰ্য ৷ প্ৰকৃততে বিভাগটোৰ অৱহেলাৰ বাবে ৰাইজে দান-বৰঙণি তুলি নিৰ্মাণ কৰিবলগা হৈছে মথাউৰিটো ৷

ৰাইজৰ দ্বাৰা নিৰ্মাণ মথাউৰি

উল্লেখ্য যে,মথাউৰিটো ভঙাৰ ফলত কচুৱা,প্ৰমিলা,ৰমনিপথাৰ আদি কেইবাটাও অঞ্চলৰ কেইবাহাজাৰ বিঘা কৃষিভূমি বুৰ গৈছিল বানত ৷ তাৰপিছতো বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিয়ে ৷ প্ৰতিবছৰ বানৰ সময়ত জলসম্পদ বিভাগৰ বিভাগীয় বিষয়া,কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধিসকল অঞ্চলটোলৈ আহি মথাউৰি মেৰামতিৰ আশ্বাস দিয়ে যদিও প্ৰকৃততে সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ সেয়ে জনপ্ৰতিনিধিলৈ বাট নাচাই ৰাইজে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰে ভগ্ন মথাউৰিটো ৷

লগতে চাওকঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.